অসম

assam

কটকটীয়া নিৰাপত্তাৰ মাজেৰে মৰাণৰ দুটাকৈ কেন্দ্ৰত নিযুক্তি পৰীক্ষা আৰম্ভ

By

Published : Aug 21, 2022, 11:31 AM IST

Updated : Feb 3, 2023, 8:27 PM IST

আজি সমগ্ৰ ৰাজ্যৰ ১২৫৮ টা কেন্দ্ৰত অনুষ্ঠিত হৈছে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (Assam Direct Recruitment 2022)। ইতিমধ্যে কঠোৰ সতৰ্কতা বিধি অৱলম্বনেৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিছে ৰাজ্য চৰকাৰে (Assam recruitment exam 2022)। ৰাজ্যৰ ভিন্ন অঞ্চলৰ সমান্তৰালকে পানী নসৰকা নিৰাপত্তাৰ মাজেৰে মৰাণৰ দুটাকৈ কেন্দ্ৰত চতুৰ্থ শ্ৰেণীৰ পদৰ নিযুক্তি পৰীক্ষা আৰম্ভ হৈছে (Direct recruitment examination starts with tight security at Moran) ৷ অসম চৰকাৰৰ আজি চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈছে । মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মৰাণ মহাবিদ্যালয় দুটা কেন্দ্ৰত প্ৰায় তিনি হেজাৰ পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হ’ব পৰীক্ষাত । প্ৰতিজন পৰীক্ষাৰ্থীক তন্ন তন্নকৈ পৰীক্ষা কৰা হৈছে ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details