অসম

assam

Flood effect in Assam : ধেমাজিত কমা নাই বান, জিলা প্ৰশাসনৰ পথ নিৰ্দেশনা জাৰি

By

Published : Jul 28, 2023, 1:55 PM IST

ধেমাজিত অব্যাহত বান

ধেমাজি, 28 জুলাই :ধেমাজিত অব্যাহত বান ৷মূষলধাৰ বৰষুণৰ ফলত পুনৰ ঘাইপথ ডুব গৈছে জীয়াঢলৰ বাঢ়নী পানীত ৷ শেহতীয়াকৈ ধেমাজিৰ ভজো গাঁৱৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত জীয়াধলৰ পানী বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি নাগৰিকৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ধেমাজি জিলা প্ৰশাসনে বৃহস্পতিবাৰৰ সন্ধিয়াৰে পৰা শুকুৰবাৰ পৰ্যন্ত ঘাইপথৰে সৰু যান বাহনৰ চলাচল বন্ধ ৰখাৰ নিৰ্দেশনা প্ৰদান কৰিছে  ৷ 

বিপৰীতে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ধেমাজি-জীয়াধল চাৰিআলিৰ পৰা ধেমাজি-বুটিকুৰ-নৰোৱাথান-চমৰাজান হৈ যাবলৈ পথ নিৰ্দেশনা দিছে ৷ উল্লেখ্য যে, বৃহস্পতিবাৰৰ তুলনাত 15 নং ৰাষ্ট্ৰীয় ঘাইপথছোৱাত কিছু পানী হ্ৰাস পোৱা পৰিলক্ষিত হৈছে  ৷ ইপিনে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পানী নকমালৈকে প্ৰশাসনৰ এই নিৰ্দেশনা বাহাল থাকিব বুলি জানিবলৈ পৰা গৈছে ৷

লগতে পঢ়ক :Scam in Rural development: জনজাতীয় লোকৰ উন্নয়নৰ নামত লুণ্ঠনৰাজ; ৰাইজৰ ক্ষোভ

ABOUT THE AUTHOR

...view details