অসম

assam

গোলকীয় উষ্ণতাৰ ক্ষেত্ৰত সজাগতা অনাৰ লক্ষৰে অশোক শৰ্মাৰ নেতৃত্বত চাইকেল ৰেলী

By

Published : Aug 16, 2022, 10:50 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে গোলকীয় উষ্ণতাৰ হাৰ ৷ ফলত দৈনিক জীৱন-যাপন কৰাতো কিছু বাধা আহি পৰিছে ৷ গোলকীয় উষ্ণতা হ্ৰাস কৰাৰ সন্দৰ্ভত প্ৰাক্তন বিধায়ক তথা বৃক্ষৰোপন আৰু উদ্যান শস্য বিভাগৰ অধ্যক্ষ অশোক শৰ্মাই আৰম্ভ কৰে গছপুলি ৰোপণ হকে এক সজাগতা চাইকেল ৰেলী (Cycle rally to raise awareness about global warming) ৷ উল্লেখ্য যে, নলবাৰী পৰা গুৱাহাটী আৰু গুৱাহাটী পৰাৰ শিৱসাগৰলৈ অশোক শৰ্মাই তিনিজন যুৱকক লগত লৈ চাইকেল ৰেলীটোৰ আৰম্ভ কৰে ৷ ইয়াৰ অংশ হিচাবে মঙলবাৰে বিয়লি যোৰহাটত উপস্থিত হৈ গান্ধীপাৰ্কত এটি গছপুলি ৰোপন কৰে অশোক শৰ্মাই ৷ লগতে গোলকীয় উষ্ণতাৰ পৰাৰ ৰক্ষা পাবলৈ সকলোকে এটিকৈ গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনাই বৃক্ষৰোপন আৰু উদ্যান শস্য বিভাগৰ অধ্যক্ষগৰাকীয়ে ৷ আনকি পুনৰ যোৰহাটৰ পৰা এই চাইকেল ৰেলী আৰম্ভ কৰি শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত অন্ত পেলাব বুলি জানিবলৈ দিয়ে বৃক্ষৰোপন আৰু উদ্যান শস্য বিভাগৰ অধ্যক্ষ অশোক শৰ্মাই ৷
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

...view details