অসম

assam

Conjunctivitis in Assam: ধেমাজিত কনজাংকটিভাইটিছ ৰোগে ভয়াৱহ ৰূপ লৈছে

By

Published : Aug 4, 2023, 2:07 PM IST

ধেমাজিত বৃদ্ধি পাইছে চকু ৰঙা পৰা ৰোগ

ধেমাজি, ৪ আগষ্ট :বানৰ পিচত জাপানীজ এনকেফেলাইটিছ ৰোগৰ ভয়াৱহ প্ৰাদুৰ্ভাৱৰ সমান্তৰালভাৱে ধেমাজিত বৃদ্ধি পাইছে চকু ৰঙা পৰা ৰোগৰ সংক্ৰমণ ৷ চকু ৰঙা পৰা ৰোগৰ সংক্ৰমণক চিকিৎসা বিজ্ঞানত কনজাংকটিভাইটিছ বুলি কোৱা হয় । এইক্ষেত্ৰত ধেমাজি জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ জ্যেষ্ঠ স্বাস্থ্য বিষয়া তথা চিকিৎসক যোগেন দাসে কয় যে, ধেমাজি অসামৰিক চিকিৎসালয়ৰ তিনিগৰাকী চকু চিকিৎসা বিশেষজ্ঞ পৰা পোৱা তথ্য মতে, এই মাহৰ পহিলা আগষ্টৰ দিনটোত ১৯গৰাকী, ২আগষ্টত ২৪গৰাকী আৰু ৩ আগষ্টত ২০গৰাকী লোক চকুৰ ৰঙাপৰা ৰোগত আক্ৰান্ত হোৱা ৰোগী হিচাপে চিনাক্ত কৰিছে ৷ সেয়ে এই সময়ত এনে ৰোগীয়ে ব্যৱহাৰ কৰা কাপোৰ কোনো সুস্থ লোকে ব্যৱহাৰ কৰিব নালাগে বুলি তেওঁ কয় ৷ চিকিৎসকগৰাকীয়ে হাত পৰিস্কাৰকৈ ধুব লগা আদি সাৱধানতা সম্পৰ্কে ব্য়াখ্য়া কৰি সংক্ৰমণ ৰোধ কৰাৰ লগতে চকু বিশেষজ্ঞ পৰামৰ্শমতে চিকিৎসা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক:Protest in Silsako Beel: শিলসাঁকোৰ উচ্ছেদিত স্থানত পুনৰ ৬০০ উচ্ছেদিত লোকে বনাব নতুনকৈ ঘৰ; বাধা দিলে হ’ব মৰণপন যুঁজ

ABOUT THE AUTHOR

...view details