অসম

assam

74 th republic day celebration in Jorhat: যোৰহাটৰ কাছাৰী ময়দানত পালন ৭৪ সংখ্যক গণৰাজ্য দিৱস

By

Published : Jan 26, 2023, 2:25 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

যোৰহাট, 26 জানুৱাৰী :সমগ্ৰ দেশৰ লগতে যোৰহাটৰ কাছাৰী ময়দানতো পালন কৰা হয় গণৰাজ্য দিৱসৰ (74 th republic day celebration in Jorhat) ৷ 74 সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে (Chandra mahon Patowary hoisted the national flag in jorhat) ৷ যোৰহাটত আয়োজিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত আৰক্ষী, অৰ্ধসামৰিক বাহিনীকে ধৰি এন চি চি, স্কাউট এণ্ড গাইডৰ অভিবাদন গ্ৰহণ কৰি অনুষ্ঠানত অংশগ্ৰহণ কৰে । আলফা (স্বাধীন) কে ধৰি উত্তৰ-পূৱৰ কেইবাটাও বিদ্ৰোহী সংগঠনে বৰ্জন কৰিছে 74 সংখ্যক গণৰাজ্য দিৱস (74 th republic day celebration in Assam)। 

বিদ্ৰোহী সংগঠনৰ আহ্বানৰ প্ৰতি বিৰোধিতা প্ৰদৰ্শন কৰি ৰাজ্যত পালন কৰা হয় গণৰাজ্য দিৱসৰ (74 th republic day celebration in Jorhat) ৷ যোৰহাটত আয়োজিত সকলো কাৰ্যসূচীতে ৰাইজে সদলবলে অংশগ্ৰহণ কৰে ৷ কাছাৰী ময়দানত ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে । বৃহস্পতিবাৰে গণৰাজ্য দিৱসৰ পেৰেডত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী, চি আৰ পি এফ, আৰক্ষী, হোম গাৰ্ড, স্কাউট-গাইড, এন চি চি আদি বাহিনী জোৱান আৰু শিক্ষাৰ্থী সকলে অংশগ্ৰহণ কৰে । 

লগতে পঢ়ক :BJP Internal conflict in Hojai: ফলকে উদঙালে হোজাই বিজেপিৰ আভ্যন্তৰীণ কন্দল

মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে জাতীয় পতাকা উত্তোলন কৰাৰ পাছত ভাষণ প্ৰসংগত ৰাজ্যৰ বিকাশৰ ধাৰা আৰু বিভিন্ন উন্নয়নমুলক আঁচনি সৰ্ম্পকে বিৱৰণ দিয়ে । গণৰাজ্য দিৱসৰ দিনা পেৰেড গ্ৰাউণ্ডত জনস্বাস্থ্য কাৰিকৰী বিভাগ, পশু পালন বিভাগ,সমাজ কল্যাণ, স্বাস্থ্য বিভাগ, যোৰহাট পৌৰসভা, কৃষি বিভাগ আদি বিভাগৰ প্ৰতীক পট প্ৰৰ্দশন কৰা হয় । ইয়াৰ পাছতে কাছাৰী ময়দানত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সমূহে বিভিন্ন দেশ প্ৰেমমূলক গীত পৰিৱেশন কৰে । 

গণৰাজ্য দিৱসৰ এই কাৰ্যসূচীত যোৰহাট জিলাৰ ৰাইজে উপস্থিত থকাৰ লগতে স্থানীয় বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, সাংসদ কামাখ্যা প্ৰসাদ তাচাই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :Three Assamese awarded Padma Shri :পদ্মশ্ৰী সন্মান মাজুলীৰ মুখাশিল্পী হেমচন্দ্ৰ গোস্বামীলৈ

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

...view details