অসম

assam

Mothers plus Horlicks ৰ পেকেটত ওলাল মৰা পইতাচোৰা

By

Published : Aug 30, 2022, 8:14 AM IST

Updated : Feb 3, 2023, 8:27 PM IST

বিভিন্ন সময়ত বহুজাতিক কোম্পানীৰ দ্বাৰা প্ৰস্তুত কৰা বিভিন্ন খাদ্যৰ পেকেটত মৰা পতংগৰ অৱশিষ্ট উদ্ধাৰৰ খবৰ প্ৰকাশ পাই আহিছে (Carelessness of multinational companies) ৷ শেহতীয়াকৈ এইবাৰ ধেমাজিত Mother plus Horlicks ৰ পেকেটত ওলাল মৰা পইতাচোৰা (Dead cockroach in Horlicks packet) ৷ প্ৰাপ্ত তথ্য অনুসৰি, ধেমাজি নগৰৰ 2নং ৱাৰ্ডৰ নিৱাসী তথা অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়া নামৰ লোকজনে যোৱা 25 তাৰিখে ধেমাজি তিনিআলিত থকা মেৰ্চাচ গংগা মেডিকেল ষ্টোৰৰ পৰা Mother plus Horlicks ৰ এটা পেকেট ক্ৰয় কৰিছিল ৷ কিন্তু ঘৰত পেকেট কাটি Horlicks উলিয়াব লওতে পেকেটক ওলালে মৰা পইতাচোৰা ৷ ইয়াৰ পিছত সোমবাৰে পেকেটসহ পইতাচোৰাটো দোকানৰ গৰাকীক চমজাই দিয়ে গ্ৰাহকগৰাকীয়ে ৷ ইতিমধ্যে বিষয়টো ধেমাজি যুটীয়া স্বাস্থ্য সঞ্চালকক অৱগত কৰিছে উজ্জ্বল চুতীয়াই ৷ এনেদৰে শক্তিবৰ্ধক খাদ্য সামগ্ৰী বিক্ৰিৰ নামত বহুজাতিক কোম্পানীৰ এনে অসাৱধানতাক লৈ সৰ্বত্ৰে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details