অসম

assam

Elephant body rescued: দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ বন্যহস্তীৰ মৃতদেহ

By

Published : Apr 21, 2023, 10:54 PM IST

বন্যহস্তীৰ মৃতদেহ

ডিব্ৰুগড়, 21 এপ্ৰিল : নাহৰকটীয়াৰ জয়পুৰৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত পুনৰ উদ্ধাৰ হৈছে এটা মৃত হাতী । দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ কঠালগুৰি খণ্ড বন কাৰ্যালয়ৰ অধীনৰ হুগৰি পথাৰৰ মধুৰিতলত শুকুৰবাৰে উদ্ধাৰ হয় এই অৰ্ধগলিত মৃত হাতীটো । সন্দেহ কৰা অনুসৰি প্ৰায় ৩০-৩৫ বছৰীয়া এই বন্য হস্তীটোৰ প্ৰায় এমাহ পূৰ্বে মৃত্যু ঘটিছে (Dehing Patkai elephant death news)।

কঠালগুৰি খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীৰ এটা দলে বৃহস্পতিবাৰে নিশা ৰাষ্ট্ৰীয় উদ্যানখনত নিয়মীয়াভাৱে টহল দিবলৈ যাওঁতে মৃত হাতীটো প্ৰত্যক্ষ কৰে । ইফালে শুকুৰবাৰে পুৱা জয়পুৰ বন বিভাগ আৰু চিকিৎসকৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃত হাতীটোৰ নমুনা সংগ্ৰহ কৰে । হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই ৷  মৰণোত্তৰ পৰীক্ষাৰ অন্তত হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হ'ব বুলি প্ৰকাশ কৰে জয়পুৰ বন বিভাগৰ বিষয়া গৰাকীয়ে । হাতীৰ বিচৰণস্থলী ৰূপে বিখ্যাত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত প্ৰায়ে মৃত হাতী উদ্ধাৰ হোৱা ঘটনাই এতিয়া চিন্তিত কৰি তুলিছে প্ৰকৃতি প্ৰেমীসকলক (Elephant body rescued in Dehing Patkai) ।

ABOUT THE AUTHOR

...view details