অসম

assam

One died in abroad: বহিঃৰাজ্যত মৃত্যু আমগুৰিৰ যুৱকৰ

By

Published : Oct 21, 2022, 8:45 AM IST

Updated : Feb 3, 2023, 8:29 PM IST

কৰ্মৰ সন্ধানত চেন্নাই অভিমুখে ৰাওনা হৈছিল আমগুৰি অভয়পুৰীয়া গাঁৱৰ বিপ্লৱ গগৈ ৷ কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস ৷ হাওৰা ষ্টেচনত কালি বিপ্লৱৰ ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ হয় মৃতদেহ (Amguri boy died in Howrah)৷ দু:খবৰটো লাভ কৰাৰ পাছতে কান্দোনৰ ৰোল উঠিছে সদ্যপ্ৰয়াত বিপ্লৱ গগৈৰ ঘৰত ৷ তদুপৰি মৃতদেহটো সুদুৰ হাওৰা ষ্টেচনৰ পৰা আমগুৰিলৈ আনিবলৈ সম্বল নাই দুৰ্ভগীয়া পৰিয়ালটোৰ ৷ পত্নীয়ে নিজৰ চাৰি বছৰীয়া পুত্ৰ সন্তানক লৈ আমগুৰি আৰক্ষী থানাত কান্দোনত ভাগৰি পৰিছে ৷ পৰিয়ালটোৱে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু মানৱ দৰদী ব্যক্তিৰ পৰা বিচাৰিছে আৰ্থিক সহায় যাতে পৰিয়ালটোৰ ভৰণ পোষণৰ বাবেই কাম বিচাৰি গৈ মৃত্যুক সাৱটি লোৱা স্বামীৰ মুখখন শেষবাৰৰ বাবে চাবলৈ পায় দুৰ্ভগীয়া পৰিয়ালটোৱে ৷
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

...view details