অসম

assam

বিধায়ক ৰূপজ্যোতি কুৰ্মীক উভতি ধৰিলে প্ৰদেশ কংগ্ৰেছে

By

Published : Apr 3, 2022, 5:37 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

ধনৰ লোভত দল এৰি গুচি যোৱাসকলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিক সমালোচনা কৰিবলৈ যোৱাটো হাস্যকৰেই নহয়, বাতুলতাহে মাত্ৰ । এইবাৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক এইদৰে উভতি ধৰিলে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই (Apurba Bhattacharjee reacts on Rupjyoti Kurmi's comments)। উল্লেখ্য যে, শনিবাৰে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ভূপেন বৰাক অকৰ্মণ্য-অলগৰ্দ্ধ আৰু অপকাৰী আখ্যা দি কঠোৰ ভাষাৰে সমালোচনা কৰিছিল । আনকি তেওঁ ভূপেন বৰাক ৰাজনীতি ত্যাগ কৰি সন্যাস ল'বৰ বাবে আহ্বান জনাইছিল । তেওঁৰ এই বক্তব্যৰ পাছতেই জাঙুৰ খাই উঠিছে প্ৰদেশ কংগ্ৰেছ । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই কয় যে ভূপেন বৰাৰ বলিষ্ঠ আৰু স্পষ্টবাদী নেতৃত্ব আৰু ভূমিকাত তেওঁলোক শংকিত হৈছে । তেওঁলোকে প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ সাহস হেৰুৱাই আবোল-তাবোল বকিবলৈ আৰম্ভ কৰিছে ।
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

...view details