অসম

assam

Diki Sonowal: 50 টা ভাষাত 50 টা গীত গাই ডিকী সোণোৱালৰ খলকনি; তিনিচুকীয়াত উষ্ম আদৰণি

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 3:32 PM IST

Updated : Aug 27, 2023, 4:50 PM IST

তিনিচুকীয়া জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে ডিকী সোণোৱালে ৷ 50 টা বিভিন্ন ভাষাত 50 গীত গাই অভিলেখ গঢ়িলে ডিকী সোণোৱালে ৷ এচিয়া বুক অফ ৰেকৰ্ড আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে ডিকীয়ে ৷

Diki Sonowal
50 টা ভাষাত 50 টা গীত গাই ডিকী সোণোৱালৰ খলখনি

50 টা ভাষাত 50 টা গীত গাই ডিকী সোণোৱালৰ খলখনি

তিনিচুকীয়া,27 আগষ্ট:শনিবাৰে সন্ধিয়া তিনিচুকীয়া জিলাৰ ডাঙৰী সোণোৱাল কছাৰী জনজাতীয় ধাদুম গাঁৱত এক উখল মাখল পৰিৱেশৰ সৃষ্টি হয় ৷ কিয়নো গাঁৱখনৰ জীয়ৰী ডিকী সোণোৱালে গৌৰৱ কঢ়িয়াই আনিছে গাঁৱখনৰ লগতে তিনিচুকীয়া জিলালৈ ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰী ডিকী সোণোৱালে উত্তৰ-পূৱৰ লগতে 50 টা বিভিন্ন ভাষাত 50 টা গান গাই এচিয়া বুক অফ ৰেকৰ্ড আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে ৷

এই সন্মান লাভ কৰাৰ পাচতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা নিজ গৃহত উপস্থিত হোৱাৰ পূৰ্বে প্ৰায় 10 কিলোমিটাৰ দূৰত্বৰ পথচোৱা সোণোৱাল কছাৰী ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনকে আদি কৰি গাঁৱৰ ৰাইজে বিপুল আদৰণি জনোৱাৰ লগতে গায়ন বায়নেৰে ডিকী সোণোৱালক আদৰণি জনায় ৷

পোন প্ৰথমবাৰৰ বাবে অঞ্চলটোলৈ এনে গৌৰৱ কঢ়িয়াই অনাৰ বাবে উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয় ধাদুম গাঁৱত ৷ সৰুৰে পৰাই সংগীতৰ প্ৰতি হাবিয়াস আছিল ডিকীৰ । দৰিদ্ৰ কৃষক পৰিয়ালৰ কন্যা ডিকীয়ে প্ৰত্যাহ্বানৰ মাজেৰে সৰুৰে পৰা কৰি গৈছিল সংগীতৰ চৰ্চা । ডাঙৰী অঞ্চলৰ ললিত সোণোৱাল আৰু মমী সোণোৱালৰ কন্যা ডিকী সোণোৱাল । ঘৰখনত আৰু গাঁওখনত সংগীত চৰ্চাৰ কোনো পৰিৱেশ নথকা সত্ত্বেও স্থিতপ্রজ্ঞ ডিকীয়ে সংগীতৰ চৰ্চাৰ লগতে চলাই নিছিল অধ্যয়ন ।

6 বছৰৰ পৰাই সংগীতৰ ‘অ আ ক খ’ শিকা ডিকীয়ে প্রথম সংগীতৰ শিক্ষা গ্রহণ কৰিছিল ডাঙৰী অঞ্চলৰ সংগীত শিল্পী লিপিকা শ‍ইকীয়াৰ ওচৰত । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰী ডিকীয়ে মহাবিদ্যালয়ৰ পৰ্যায়ত শ্রেষ্ঠ গায়িকাৰ সন্মান লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে বিশ্ববিদ্যালয়তো দুটাকৈ বৰ্ষৰ বাবে শ্রেষ্ঠ গায়িকাৰ সন্মান বুটলিবলৈ সক্ষম হৈছে ।

ডিকী সোণোৱালে প্ৰেৰণ কৰা 50 টা গীত আছিল ক্রমে অসমীয়া, ইংৰাজী, হিন্দী, নেপালী, মিচিং, চাওতালী, তামিল, মৰাণ, সোণোৱাল কছাৰী, আদিবাসী, বাংলা, ব্ৰজাৱলী, হাজং, ৰাভা, হিমাচলী, আও, নাৰ’, ডিমাচা, নাগপুৰী, মৈথিলী, কামৰূপী, গোৱালপাৰীয়া, কাৰ্বি, টাই আহোম, মালয়ালম, মণিপুৰী, ছেউৰী, সিংহলী, দগৰী, টুলু, তেলুগু, উৰিয়া, নেৱাৰী, ককবৰক, নাগামিজ, ৰাজস্থানী, বড়ো, পাঞ্জাবী, গাবালী, গুজৰাটী, ভোজপুৰী, মাৰাঠী, উর্দু, আদি, সংস্কৃত, চাকমা, কোংকনী, বুণ্ডেলখণ্ডী, তিৱা, কুমাওনী আদি ভাষাত গোৱা ।

লগতে পঢ়ক:Success of Chandrayaan-3 : আনন্দৰ জোৱাৰ ISRO ৰ বৈজ্ঞানিক নিধি শৰ্মাৰ শহুৱেকৰ বাসগৃহত

Last Updated : Aug 27, 2023, 4:50 PM IST

ABOUT THE AUTHOR

...view details