অসম

assam

Panch Swahid of Tinsukia: ডাঙৰী তালাপৰ পঞ্চ শ্বহীদ পৰিয়াললৈ অসম চৰকাৰৰ আৰ্থিক সাহাৰ্য

By

Published : May 10, 2023, 9:17 AM IST

সুদীৰ্ঘ 29 বছৰৰ মূৰত তিনিচুকীয়াৰ ডাঙৰী তালাপৰ পঞ্চ শ্বহীদ গোচৰৰ ৰায়দান ৷ ৰায়দানৰ পিচতে পঞ্চ শ্বহীদৰ পৰিয়ালৰ নিকটাত্মীয়লৈ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ পৰা আৰ্থিক সহায় প্ৰদান (Panch Swahid of Tinsukia) ।

compensation to Panch Swahid family
তিনিচুকীয়াৰ ডাঙৰী তালাপৰ পঞ্চ শ্বহীদ পৰিয়াললৈ আৰ্থিক সাহায্য

তিনিচুকীয়াৰ ডাঙৰী তালাপৰ পঞ্চ শ্বহীদ পৰিয়াললৈ আৰ্থিক সাহায্য

তিনিচুকীয়া, 9 মে’ : তিনিচুকীয়াত ডাঙৰী তালাপৰ পঞ্চ শ্বহীদৰ পৰিয়াললৈ অসম চৰকাৰৰ বিশেষ আৰ্থিক সাহাৰ্য প্ৰদান । তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মঙলবাৰে আয়োজিত এক অনুষ্ঠানত পঞ্চ শ্বহীদৰ পৰিয়াললৈ আগবঢ়োৱা হয় চেক ৷ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হৈ শদিয়া বিধানসভা সমষ্টিৰ বিধায়ক বলিন চেতিয়া আৰু জিলা উপায়ুক্ত স্বপ্নীল পালে ডাঙৰী- তালাপ অঞ্চলৰ পঞ্চ শ্বহীদৰ পৰিয়ালৰ নিকটাত্মীয়লৈ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ পৰা প্ৰতিটো শ্বহীদ পৰিয়ালক 5 লাখ টকাৰ চেক প্ৰদান কৰে (Compensation to Panch Swahid family) ।

পঞ্চ শ্বহীদৰ পৰিয়ালবৰ্গক চেক বিতৰণ কৰাৰ পিচতে বিধায়ক বলিন চেতিয়াই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ইয়াৰ পূৰ্বেও সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰীৰ দায়িত্বত থকাৰ সময়ত এইক্ষেত্ৰত চেষ্টা চলোৱা হৈছিল যদিও সেয়া সম্ভৱ হৈ নুঠিল বুলি উল্লেখ কৰে ৷ সমান্তৰালভাৱে পঞ্চ শ্বহীদৰ পৰিয়ালত যদি কোনো নিয়োগ যোগ্য প্ৰাৰ্থী থাকে তেন্তে আগন্তুক দিনত সেই ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে বিধায়ক চেতিয়াই ৷

উল্লেখযোগ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ে সুদীৰ্ঘ ২৯ বছৰ পুৰণি ১৯৯৪ চনৰ অভিশপ্ত ২২ ফেব্ৰুৱাৰীত তিনিচুকীয়া জিলাৰ ডাঙৰীত সেনাৰ দ্বাৰা সংঘটিত পাঁচজন নিৰীহ যুৱকৰ হত্যাকাণ্ডৰ চুড়ান্ত ৰায়দান প্ৰদান কৰিছিল ৷ অভিশপ্ত ২২ ফেব্ৰুৱাৰীত সেনাই হত্যা কৰা সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ তিনিচুকীয়া জিলা সমিতিৰ তদানীন্তন উপদেষ্টা ডাঙৰী গাৱঁৰ প্ৰবীন সোনোৱাল, তালাপৰ আছু কৰ্মী অখিল সোনোৱাল, প্ৰদীপ দত্ত, দেৱজিৎ বিশ্বাস আৰু লাইনা-তামুলি গাৱঁৰ ভৱেন মৰাণৰ পক্ষত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায়দান প্ৰদান কৰিছিল (All Assam students union) ৷ লগতে প্ৰতিটো পৰিয়ালক ২০ লাখকৈ টকা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল ৷

অৱশেষত উচ্চ ন্যায়ালয়ে পঞ্চ শ্বহীদক নিৰ্দোষী বুলি ঘোষণা কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰক শ্বহীদ পৰিয়াললৈ 20 লাখকৈ টকাৰ ক্ষতিপূৰণ প্ৰদান দিবলৈ নিৰ্দেশ দিয়াৰ পাছতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা 5 লাখকৈ আৰ্থিক অনুদান মুকলি কৰি দিয়ে (5 Lakh compensation from CMs Relief Fund) ৷ জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্তই আঁত ধৰা এই অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত মনজিৎ বৰকাকতী প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ লগতে শ্বহীদ পৰিয়াল উপস্থিত থাকে (Assam CM Himanta Biswa Sarma) ।

লগতে পঢ়ক :Manipur latest news : অগ্নিগৰ্ভা মণিপুৰৰ আশ্ৰয় শিবিৰত 6 সহস্ৰাধিক লোক; পৰিস্থিতি উন্নত হোৱাৰ আশা

ABOUT THE AUTHOR

...view details