ETV Bharat / bharat

Manipur violence : অগ্নিগৰ্ভা মণিপুৰৰ আশ্ৰয় শিবিৰত 6 সহস্ৰাধিক লোক; পৰিস্থিতি উন্নত হোৱাৰ আশা

author img

By

Published : May 10, 2023, 8:10 AM IST

Updated : May 10, 2023, 8:34 AM IST

মণিপুৰৰ জনসংযোগ মন্ত্ৰী সপম ৰঞ্জন সিঙৰ সংবাদমেল ৷ পূৰ্বতকৈ ৰাজ্যৰ পৰিস্থিতি উন্মত হৈছে বুলি সংবাদমেলত জনায় মন্ত্ৰীগৰাকীয়ে (Manipur violence latest update) ৷

Violence hit Manipur
যুদ্ধ বিধস্ত মণিপুৰৰ আশ্ৰয় শিবিৰ

তেজপুৰ, 10 মে’ : বিগত কিছুদিনৰ তুলনাত মঙলবাৰৰ দিনটোত মণিপুৰৰ পৰিস্থিতি তুলনামূলকভাৱে শান্তিপূৰ্ণ - মঙলবাৰে এক সংবাদমেলৰ আয়োজন কৰি মণিপুৰৰ তথ্য আৰু জনসংযোগ মন্ত্ৰী ড° সপম ৰঞ্জন সিঙে ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত এই বক্তব্য আগবঢ়ায় ৷ মঙলবাৰে ডি আই পি আৰ প্ৰেক্ষাগৃহত এখন সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত হিংসাত্মক ঘটনা সংঘটিত হোৱা চুৰাচান্দপুৰ, কাংপোকপি, টেঙনৌপাল, ইম্ফল, ননে আৰু সেনাপতি জিলাৰ পৰা মুঠ প্ৰায় 6000 লোকক নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে বুলি উল্লেখ কৰে (Manipur IPR Minister Press Conferance)।

বৰ্তমানলৈকে মুঠ 26000 লোকক নিৰাপদে স্ব-গৃহলৈ পথিয়াবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ মূলতঃ অন্যান্য ৰাজ্যৰ 1930 গৰাকী শিক্ষাৰ্থীক চৰকাৰে নিৰাপদে ঘৰলৈ পথিয়াবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে ৷ ঘাইপথত দুই-এক বিচ্ছিন্ন ঘটনাৰ বাহিৰে বাকী ক’তো হিংসা আৰু অগ্নিসংযোগৰ খবৰ পোৱা হোৱা নাই বুলি উল্লেখ কৰি বিগত কিছুদিনৰ তুলনাত 9 মে’ৰ দিনটোত মণিপুৰৰ পৰিস্থিতি তুলনামূলকভাৱে শান্তিপূৰ্ণ বুলি কয় (Rescue operation in Manipur) ৷

IPR Minister Press Conferance
জনসংযোগ মন্ত্ৰীৰ সংবাদমেল

জনসংযোগ মন্ত্ৰীগৰাকীয়ে বৰ্তমান সময়ত মাত্ৰ 4000 মান স্থানচ্যুত লোকেহে বিভিন্ন সাহায্য শিবিৰত আশ্ৰয় লৈ আছে আৰু তেওঁলোকক নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা আৰু যাৱতীয় মানসিক পৰামৰ্শ দি থকা হৈছে বুলি জানিবলৈ দিয়ে । ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য সামগ্ৰী যোগান ধৰাৰ কথাও উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনৰ পৰিস্থিতি উন্নত হোৱাৰ লগে লগে সান্ধ্য আইন শিথিলৰ সময়সীমাও 4-5 ঘণ্টা পৰ্যন্ত বৃদ্ধি কৰা হৈছে । ঘৰকে ধৰি নিৰাপদ গন্তব্যস্থানলৈ মানুহক পঠিয়াই দিয়াৰ ফলতে এনে শিবিৰৰ সংখ্যা দিনক দিনে কমি আহিছে বুলিও মন্ত্ৰীগৰাকীয়ে লগতে কয় (Violence hit Manipur) ।

জনসংযোগ মন্ত্ৰী ড° সপম ৰঞ্জন সিঙে জনসাধাৰণৰ মাজত আস্থা গঢ়ি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু গুৰুত্বপূৰ্ণ ব্যক্তি আৰু চি এছ অ’ৰ নেতাৰ সৈতে নিয়মিতভাৱে মত বিনিময় অব্যাহত ৰখা হৈছে । ৰাজ্যখনত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতি সন্দৰ্ভত ইতিমধ্যে 216 টা গোচৰ দাখিল কৰা হৈছে বুলিও সংবাদমেলখনত জনসংযোগ মন্ত্ৰীগৰাকীয়ে কয় । তেওঁ লগতে, অতি সোনকালে কাঢ়ি নিয়া অস্ত্ৰ-শস্ত্ৰ সমৰ্পণ কৰিবলৈ ৰাইজক সতৰ্ক কৰি দিয়াৰ উপৰি এতিয়ালৈকে মুঠ ২৪৭ টা অস্ত্ৰ আৰু ৪৬৭৯ টা গোলাবাৰুদ জমা দিয়াৰ কথা জানিবলৈ দিয়ে ।

ৰাজ্যখনৰ শিক্ষামন্ত্ৰী বসন্ত কুমাৰ সিঙে সংবাদমেলত অংশগ্ৰহণ কৰি নিৰাপত্তাৰক্ষীসকলে শিক্ষানুষ্ঠানসমূহত থকাৰ বাবে মণিপুৰ চৰকাৰে বিদ্যালয়-মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ গ্ৰীষ্মকালীন ছুটী 4 মে’ৰ পৰা 30 মে’লৈ আৰু 15 মে’ৰ পৰা 5 জুনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি কয় (Education minister of Manipur) ৷

উল্লেখ কৰা প্ৰয়োজন যে, ৰাজ্যখনত চলি থকা হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মণিপুৰত 50 টাতকৈও অধিক অৰ্ধসামৰিক বাহিনীয়ে সেৱা প্ৰদানত নিয়োজিত হৈ আছে ।

লগতে পঢ়ক : Manipur latest news : পূৰ্বতকৈ উন্নত মণিপুৰৰ পৰিস্থিতি; শিথিল সান্ধ্য আইন

Last Updated :May 10, 2023, 8:34 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.