অসম

assam

Scam in PDS rice:যোগান বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়াসহ ৪ জনক গ্ৰেপ্তাৰ

By

Published : Jul 10, 2023, 8:53 PM IST

মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ অভিযানত গ্ৰেপ্তাৰ শোণিতপুৰ জিলাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া ।

Scam in PDS rice in Sonitpur
মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ অভিযান

তেজপুৰ,১০ জুলাই :শোণিতপুৰ জিলাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়াসহ ৪ জনক গ্ৰেপ্তাৰ । মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ অভিযানত গ্ৰেপ্তাৰ হৈছে শোণিতপুৰৰ খাদ্য অসামৰিক যোগান বিভাগৰ উপ-সঞ্চালক মন্টু কুমাৰ দাস । মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছে উপ সঞ্চালকসহ জ্যেষ্ঠ প্রশাসনিক সহায়ক কুলেন শ‍ইকীয়া, ভাৰতীয় খাদ্য় নিগমৰ অৱসৰপ্ৰাপ্ত অধীক্ষক মুজিবুদ্দিন আহমেদ আৰু যোগান বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ভাৰত চন্দ্ৰ বৰদলৈক । মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাত ৰুজু হোৱা গোচৰ নম্বৰ 03/223 u/s120B/420/406/409 IPC R/W section 13(1)a/13(2)PC act 1998 ৰ অধীনত আটাইকেইগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে ।

কাইলৈ অৰ্থাৎ মঙলবাৰে গুৱাহাটীৰ আদালতত হাজিৰ কৰোৱা হ'ব বুলি আৰক্ষীয়ে সদৰী কৰিছে । শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত চৰকাৰী চাউলৰ কেলেংকাৰিত জড়িত থকাৰ অভিযোগত আজি তেওঁলোকক গুৱাহাটীত গ্ৰেপ্তাৰ কৰিছে । উল্লেখযোগ্য যে কেইদিনমান পূৰ্বে ঢেকীয়াজুলিত এজন ব্যৱসায়ীৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হোৱাত গুদামত অভিযান চলিছিল যদিও তেওঁৰ গুদামত চাউল নোপোৱা বাবেই গ্ৰেপ্তাৰৰ পৰা ৰক্ষা পৰে ৷

লগতে পঢ়ক:Assam Govt Grant to Schools : শিক্ষা সেতু পৰ্টেলত ১১,৪৮০ খন বিদ্যালয়ৰ ৩৩,৫৮৩ গৰাকী শিক্ষকে আপলোড কৰা নাই প্ৰফাইল

আনহাতে, একংশ লোকে অভিযোগ উত্থাপন কৰি কয় যে,এজন চৌধুৰী উপাধিৰ ঠিকাদাৰৰ লগতে যোগান বিভাগৰ একাংশ পৰিদৰ্শকো জড়িত আছে । এই সন্দৰ্ভত বাতৰি প্ৰকাশ পোৱাৰ পিছত আজি গুৱাহাটীত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয় । উল্লেখ্য যে,শোণিতপুৰ জিলাৰ ঢেকিয়াজুলী মাৰ্কেটিং কোপাৰেটিভ ছ'চাইটিৰ পৰা 2300 কুইন্টল চাউল হৰলুকি হোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ পিচতেই চলিছিল এই অভিযান ৷

দুখীয়াৰ বাবে আৱণ্টিত জুন-জুলাইৰ চাউল এই ঢেকিয়াজুলী মাৰ্কেটিং কোপাৰেটিভ ছ'চাইটিৰ সম্পাদক হেমন্ত তালুকদাৰসহ ৯ জনকৈ লোকে চোৰাংভাৱে বিক্ৰী কৰাৰ অভিযোগ উঠিছিল ৷ ইতিমধ্যে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ দলটোৱে সুৰজিৎ সেনাপতি, অনিৰুদ্ধ পালিত, ভাস্কৰজ্যোতি কৰ, থুবিৰ তাঁতী, সুব্ৰত বনিক, মৃদুল তৰণ আৰু অশোক ঘোষক গ্ৰেপ্তাৰ কৰিছে ৷

লগতে পঢ়ক:Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে ৰাজনৈতিকভাৱে আহোমক নিঃশেষ কৰিবলৈ উঠি পৰি লাগিছে চৰকাৰ; টাইপা

ABOUT THE AUTHOR

...view details