অসম

assam

Army truck accident : উত্তৰ ছিকিমৰ পথ দুৰ্ঘটনাত ১৬ গৰাকী জোৱানৰ মৃত্যু

By

Published : Dec 23, 2022, 4:31 PM IST

Accident
উত্তৰ ছিকিমৰ পথ দুৰ্ঘটনাত ১৬ গৰাকী জোৱানৰ মৃত্যু

উত্তৰ ছিকিমৰ জেমাত এখন সেনাৰ ট্ৰাক পথ দুৰ্ঘটনাত পতিত হয় । য'ত ভাৰতীয় সেনাৰ ১৬ গৰাকীকৈ বীৰ জোৱান নিহত হোৱাৰ তথ্য পোৱা গৈছে (16 soldier died in road accident in Sikkim)। হেলিকপ্টাৰৰ সহযোগত ৪ গৰাকী আহত সৈনিকক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

তেজপুৰ,২৩ ডিচেম্বৰ :উত্তৰ ছিকিমৰ জেমাত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা (Tragic accident in North Sikkim)। দুৰ্ঘটনাত পতিত হৈছে ভাৰতীয় সেনাৰ এখন ট্ৰাক (Army truck accident in Zema Sikkim)। দুৰ্ঘটনাটোত মৃত্যু হৈছে ১৬ গৰাকীকৈ ভাৰতীয় সেনা জোৱানৰ । এই ঘটনাৰ পাছতে দেশজুৰি শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।

উত্তৰ ছিকিমৰ পথ দুৰ্ঘটনাত ১৬ গৰাকী জোৱানৰ মৃত্যু

প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ সিঙে জনোৱা মতে বৃহস্পতিবাৰে উত্তৰ ছিকিমৰ জেমাত এখন সেনাৰ ট্ৰাক পথ দুৰ্ঘটনাত পতিত হয় । য'ত ভাৰতীয় সেনাৰ ১৬ গৰাকীকৈ বীৰ জোৱান নিহত হোৱাৰ তথ্য পোৱা গৈছে (16 soldier died in road accident in Sikkim)। সেনাৰ ট্ৰাকখন তিনিখন বাহনৰ কনভয়ৰ অংশ আছিল ।

উত্তৰ ছিকিমৰ পথ দুৰ্ঘটনাত ১৬ গৰাকী জোৱানৰ মৃত্যু

পুৱা চাটেনৰ পৰা থাংগু অভিমুখে গৈ আছিল বাহনখন । কিন্তু জেমাৰ দুৰ্গম পথত সেনাৰ ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গভীৰ খাৱৈত বাগৰি পৰে । তাৎক্ষণিকভাৱে উক্ত স্থানত উদ্ধাৰ অভিযান আৰম্ভ কৰা হয় । হেলিকপ্টাৰৰ সহযোগত ৪ গৰাকী আহত সৈনিকক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

উত্তৰ ছিকিমৰ পথ দুৰ্ঘটনাত ১৬ গৰাকী জোৱানৰ মৃত্যু

কিন্তু এই মৰ্মান্তিত দুৰ্ঘটনাটোত ৩ গৰাকী কনিষ্ঠ কমিছনড বিষয়া আৰু ১৩ গৰাকী সৈনিক গুৰুতৰভাৱে আহত হৈ মৃত্যুমুখত পৰে । ভাৰতীয় সেনাই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে । জানিব পৰা মতে ভাৰতীয় সেনাই দুৰ্ঘটনাটো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । আনহাতে নিহত জোৱানসকলৰ মৃতদেহ উদ্ধাৰ কৰি নিজ নিজ পৰিয়ালক হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়াও আৰম্ভ কৰা হৈছে ।

লগতে পঢ়ক :Helicopter Crash in Arunachal Pradesh: অৰুণাচল প্ৰদেশৰ মিজিঙত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

ABOUT THE AUTHOR

...view details