অসম

assam

Sontosh Karmokar Award: জীৱন নৰহলৈ সন্তোষ কৰ্মকাৰ ৰাজ্যিক বঁটা ঘোষণা

By

Published : Dec 7, 2021, 10:36 PM IST

Sontosh Kormokar Award

কবি জীৱন নৰহে লাভ কৰিছে সন্তোষ কৰ্মকাৰ ৰাজ্যিক বঁটা (Sontosh Kormokar Award to Poet Jiban Narah) ৷ শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ উদ্যোগত ৰাজ্যিক ভিত্তিত এই বঁটা আগবঢ়োৱাৰ প্ৰয়াস কৰা হৈছে । মঙলবাৰে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত আয়োজিত এক সংবাদ মেলত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধক্ষ্য ড৹ সৌমাৰ জ্যোতি মহন্তই এই কথা সদৰী কৰে ।

শিৱসাগৰ, 7 ডিচেম্বৰ :শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ উদ্যোগত আৰু সন্তোষ কৰ্মকাৰৰ পৰিয়ালৰ সহযোগত আগন্তুক ১৯ ডিচেম্বৰত প্ৰদান কৰা হ'ব "সাহিত্যিক, শিক্ষাবিদ সন্তোষ কৰ্মকাৰ বঁটা" (Sontosh Karmokar Award) । শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ উদ্যোগত ৰাজ্যিক ভিত্তিত এই বঁটা আগবঢ়োৱাৰ প্ৰয়াস কৰা হৈছে । মঙলবাৰে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত আয়োজিত এক সংবাদ মেলত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধক্ষ্য ড৹ সৌমাৰ জ্যোতি মহন্তই এই কথা সদৰী কৰে ।

নিৰৱে সাহিত্য সাধনাত ব্ৰতী হোৱা সন্তোষ কৰ্মকাৰ অসমৰ এক পৰিচিত নাম । উপন্যাস, প্ৰৱন্ধকাৰ, গল্প, শিশু সাহিত্য আদিকে ধৰি বহু কেইটা শিতানত সাহিত্য চৰ্চা কৰি অহা প্ৰয়াত কৰ্মকাৰৰ বহু কেইখন উচ্চমানৰ গ্ৰন্থ ইতিমধ্যে প্ৰকাশ পাইছে । ইতিমধ্যে ভাৰতীয় ভাষা পৰিষদৰ পৰা ৰাষ্ট্ৰীয় পুৰস্কাৰ, সীতানাথ ব্ৰহ্মচৌধুৰী পুৰস্কাৰ আৰু শেহতীয়াকৈ মৰণোত্তৰ ভাৱে অসম সাহিত্য সন্মিলনৰ পৰা চৈয়দ আব্দুল মালিক "উপন্যাসশ্ৰী" বঁটা কৰ্মকাৰে লাভ কৰিছে ।

জীৱন নৰহলৈ সন্তোষ কৰ্মকাৰ ৰাজ্যিক বঁটা ঘোষণা

এই বঁটাৰ বাবে চয়ন সমিতিৰ তৰফৰ পৰা নগাঁৱৰ আনন্দ ৰাম ঢেকিয়াল ফুকন কলেজৰ অসমীয়া বিভাগৰ প্ৰৱক্তা কবি, সাহিত্যিক জীৱন নৰহক এই বঁটাৰ বাবে মনোনীত কৰা হৈছে (Sontosh Karmokar Award to Poet Jiban Narah) । আগন্তুক ১৯ ডিচেম্বৰ তাৰিখে গুৱাহাটী প্ৰেছ ক্লাৱত বিয়লি ৩ বজাত এই বঁটা প্ৰথিতযশা সাহিত্যিক ডাঃ ধ্ৰুৱজ্যোতি বৰাই প্ৰদান কৰিব । বঁটা প্ৰদান অনুষ্ঠানত সন্তোষ কুমাৰ কৰ্মকাৰৰ সাহিত্যৰাজিৰ অৱলোকন কৰিব জনপ্ৰিয় সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী (Anuradha Sharma Pujari)য়ে ।

আনহাতে, উক্ত দিনটোতে কৰ্মকাৰৰ জীৱন সম্বলিত গ্ৰন্থ উন্মোচন কৰিব অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত (DGP Bhaskar Jyoti Mahanta)ই । এই বঁটাৰ সৈতে নগদ ধন, প্ৰশস্তি পত্ৰ আৰু সন্তোষ কৰ্মকাৰৰ এক স্মাৰক থাকিব বুলি বঁটা প্ৰদান সমিতিৰ পৰা জানিব দিছে ।

লগত পঢ়ক :Bor Axom Samannya Award 2021: কথাশিল্পী ইমৰান শ্বাহক বৰ অসম সমন্বয় বঁটা প্ৰদান

ABOUT THE AUTHOR

...view details