নলবাৰী, 3 ডিচেম্বৰ :নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰত অনুষ্ঠিত 90 সংখ্যক ৰাস মহোৎসৱত জীৱন্ত ৰাসৰ প্ৰদৰ্শন ৷ ৰাস মহোৎসৱৰ সপ্তম দিনাৰ নিশা নলবাৰী ৰাস মহোৎসৱত ‘ৰাস মধুৰম’ নামৰ জীৱন্ত ৰাস প্ৰদৰ্শন কৰা হয় ৷ নামনি অসমৰ ৰাস মহোৎসৱত মৃন্ময় মূৰ্তিৰ ৰাস প্ৰদৰ্শনৰ লগতে এইবাৰ নলবাৰী ৰাস মহোৎসৱত স্থানীয় শিল্পীৰ দ্বাৰা প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰা হ’ল জীৱন্ত ৰাসৰ ৷
শনিবাৰে নিশা নলবাৰী ৰাস মহোৎসৱত জীৱন্ত ৰাসৰ উদ্বোধন কৰে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে ৷ আনহাতে উক্ত অনুষ্ঠানত উপস্থিত আছিল ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি সিদ্ধংক অংকুৰ বৰুৱাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি ৷
নলবাৰীৰ শ্ৰীশ্ৰীৰাস মহোৎসৱত জীৱন্ত ৰাস উপভোগ কৰি অভিভূত হৈ পৰা বুলি উল্লেখ কৰে সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে ৷ ইফালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰচেষ্টাত নলবাৰী ৰাসত জীৱন্ত ৰাসৰ সমাহাৰ হোৱা বুলি সদৰি কৰে সত্ৰাধিকাৰ দেৱগোস্বামীয়ে ৷