অসম

assam

নলবাৰীত 'পূণ্যধাম যাত্ৰা'ৰ শুভাৰম্ভণি

By

Published : Dec 21, 2020, 1:30 PM IST

সোমবাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰা হ'ল পৱিত্ৰ তীৰ্থস্থান দৰ্শনৰ বাবে ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগে গ্ৰহণ কৰা 'পূণ্যধাম যাত্ৰা' আঁচনি । নলবাৰীত 'পূণ্যধাম যাত্ৰা'ৰ শুভাৰম্ভণি কৰে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাই । ৰাজ্যৰ ৫ খন জিলাৰ পৱিত্ৰ স্থান দৰ্শনৰ উদ্দেশ্যে যাত্ৰা কৰে ২০০ গৰাকী যাত্ৰীয়ে ।

নলবাৰীত 'পূণ্যধাম যাত্ৰা'ৰ শুভাৰম্ভণি কৰিলে জয়ন্তমল্ল বৰুৱাই
নলবাৰীত 'পূণ্যধাম যাত্ৰা'ৰ শুভাৰম্ভণি কৰিলে জয়ন্তমল্ল বৰুৱাই

নলবাৰী, ২১ ডিচেম্বৰ: অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাই চতুৰ্থ বৰ্ষৰ বাবে আজি 'পূণ্যধাম যাত্ৰা'ৰ শুভাৰম্ভণি কৰে । ৰাজ্যৰ জ্যেষ্ঠ নাগৰিকসকলৰ তীৰ্থস্থান দৰ্শনৰ আশা পূৰণৰ বাবে ৰাজ্য ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগে'পূণ্যধাম যাত্ৰা' নামেৰে এখন আঁচনি গ্ৰহণ কৰিছিল । আজি নলবাৰীত চতুৰ্থ বৰ্ষৰ বাবে নলবাৰীৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ প্ৰাংগনত ৰাজ্যিক ভিত্তিত এই আঁচনিখনৰ শুভাৰম্ভণি কৰা হয় ।

কৰ'ণা মহামাৰীৰ ভয়াৱহ সংক্ৰমণ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত বহিঃৰাজ্যৰ পৰিৱৰ্তে এই বৰ্ষত ৰাজ্যৰ ভিতৰতে বিভিন্ন প্ৰান্তৰ জ্যেষ্ঠ নাগৰিকসকলক ১২খন তীৰ্থস্থান দৰ্শন কৰোৱা হ'ব । এইবাৰৰ যাত্ৰাত শিৱসাগৰ,মাজুলী,তেজপুৰ,নগাঁও আৰু ধুবুৰীৰ বিভিন্ন তীৰ্থস্থান দৰ্শন কৰাৰ উদ্দেশ্যে ২০০ গৰাকী জ্যেষ্ঠ নাগৰিকক প্ৰেৰণ কৰা হয় ।

জয়ন্ত মল্ল বৰুৱাৰ লগতে শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে অসম পৰ্য্যটন উন্নয়ন নিগমৰ আয়ুক্ত সচিব মুকেশ চাহু,সচিব ৰাজবীৰ হুছেইন, সঞ্চালক দেৱ কুমাৰ মিশ্ৰ,জিলা উপায়ুক্ত পূৰৱী কোঁ‌ৱৰ,বিশিষ্ট নাগৰিক ডাঃ উমেশ চক্ৰৱৰ্তী, ডাঃ ভূপেশ শৰ্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ।

লগতে পঢ়ক:টাৰ্বাইন কঢ়িয়াই নিয়া বাহন আবদ্ধ কৰি আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details