অসম

assam

অৱশেষত নিয়তিৰ কোলাত শুই পৰিল মুস্তাফিজুৰ ৰহমান

By

Published : Sep 4, 2022, 6:47 PM IST

মৰমলগা দুই সন্তানক নিথৰুৱা কৰি শেষ নিশ্বাস ত্যাগ কৰে জুৰীয়াৰ সৰবৰহী যুৱক মুস্তাফিজুৰ ওৰফে ৰ’জে (Social worker Mustafizur Rahman passes away) । ৰ’জৰ মৃত্যুত এতিয়া সমগ্ৰ নগাঁৱতে পৰিছে শোকৰ ছাঁ ৷

Social worker Mustafizur Rahman passes away
অৱশেষত নিয়তিৰ কোলাত শুই পৰিল মুস্তাফিজুৰ ৰহমান

নগাঁও, 4 ছেপ্টেম্বৰ : নগাঁৱৰ জুৰীয়াৰ সৰবৰহী যুৱক মুস্তাফিজুৰ ৰহমান ওৰফে ৰ’জ আৰু নাই । শনিবাৰে সন্ধিয়া নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে জুৰীয়াৰ মুস্তাফিজুৰ ৰহমানে (Social worker Mustafizur Rahman passes away)। উল্লেখ্য যে, মধুমেহ ৰোগত আক্ৰান্ত হৈ থকা বিগত কিছুদিনৰ পৰাই মুস্তাফিজুৰ ৰহমানৰ দুয়োটা বৃক্কই একপ্ৰকাৰ বিকল হৈ পৰিছিল ।

অৱশেষত নিয়তিৰ কোলাত শুই পৰিল মুস্তাফিজুৰ ৰহমান

সকলো সমাজিক কামত আগভাগ লোৱা মুস্তাফিজুৰ ৰহমানৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে জুৰীয়া অঞ্চলতে নহয় সমগ্ৰ নগাঁৱতে পৰিছে এতিয়া শোকৰ ছাঁ । প্ৰায় সাত বছৰ পূৰ্বেই পত্নীক হেৰুৱাৰ পিছত দুই সন্তানৰ সকলো দায়িত্বও পালন কৰি আহিছিল মুস্তাফিজুৰে (Social worker Mustafizur Rahman) ।

মৰমলগা দুই সন্তানৰ একমাত্ৰ ভৰসা আছিল মুস্তফিজুৰ ৷

অৱশেষত মুস্তফিজুৰে সন্তান দুটিকো নিথৰুৱা কৰি এৰি যায় ইহসংসাৰত । মুস্তাফিজুৰৰ মৃত্যুত জুৰীয়া নিউ মিলন ক্লাৱ, সাংবাদিক সংগঠন, বিভিন্ন দল সংগঠনৰ লগতে বহু অনুষ্ঠান প্ৰতিষ্ঠানেও গভীৰ শোক প্ৰকাশ কৰে । দেওবাৰে পুৱা প্ৰায় দহ বজাত কেইবাশতাধিক লোকৰ উপস্থিতিত সম্পন্ন হয় মুস্তাফিজুৰ ৰহমানৰ জনাজা ।

লগতে পঢ়ক :Praneshwar Pathak passes away : অজান পৃথিৱীলৈ গ’ল গৈ প্ৰবীণ অভিনেতা প্ৰাণেশ্বৰ পাঠক

ABOUT THE AUTHOR

...view details