অসম

assam

Crime in Nagaon: ডকাইতিৰ পৰিকল্পনা কৰোঁতেই মাৰণাস্ত্ৰসহ আৰক্ষীৰ জালত কুখ্যাত ডকাইত

By

Published : Jul 26, 2023, 9:36 PM IST

Updated : Jul 26, 2023, 9:45 PM IST

বুধবাৰে এটা কুখ্যাত ডকাইতৰ লগতে মহিলা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী ৷ জিলাখনত পৃথকে পৃথকে চলোৱা অভিযানত কুখ্যাত ডকাইত আৰু ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে নগাঁও আৰক্ষীয়ে ৷

Nagaon Police Continues to Operation Against Crime
অপৰাধীৰ বিৰুদ্ধে অব্যাহত নগাঁও আৰক্ষীৰ অভিযান

কুখ্যাত ডকাইত আৰু ড্ৰাগছ সৰবৰাহকাৰীক আটক নগাঁও আৰক্ষীৰ

নগাঁও, 26 জুলাই : অপৰাধীৰ বিৰুদ্ধে অব্যাহত নগাঁও আৰক্ষীৰ অভিযান ৷ ডকাইতি সংঘটিত কৰাৰ পূৰ্বেই পিষ্টল, সজীৱ গুলীসহ নগাঁও আৰক্ষীৰ জালত কুখ্যাত ডকাইত ৷ আনহাতে আৰক্ষীৰ হাতত ড্ৰাগছসহ আটক মহিলা সৰবৰাহকাৰীও ৷

ড্ৰাগছকে ধৰি বিভিন্ন অপৰাধৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰখা নগাঁও আৰক্ষীৰ আন এক সফলতা ৷ ঔষধৰ ব্যৱসায়ৰ নামত ড্ৰাগছৰ বেহা চলোৱা এটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক প্ৰায় 2.5 কোটি টকাৰ নিচাজাতীয় ঔষধসহ আটক কৰাৰ পিছত বুধবাৰে পুনৰ আন এটা কুখ্যাত ডকাইতৰ লগতে মহিলা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী ৷ জিলাখনত পৃথকে পৃথকে চলোৱা অভিযানত কুখ্যাত ডকাইত আৰু ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে নগাঁও আৰক্ষীয়ে ৷

প্ৰথমে নগাঁৱৰ ৰূপহীহাট আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হয় এটা ডকাইত ৷ নগাঁৱৰ ৰূপহীহাটৰ শিঙিমাৰীত ডকাইতিৰ পৰিকল্পনা কৰোঁতেই খবৰ লাভ কৰে নগাঁও আৰক্ষীয়ে ৷ এই খবৰৰ ভিত্তিতেই ৰূপহীহাট আৰক্ষীয়ে ডকাইতি সংঘটিত কৰাৰ পূৰ্বেই শিঙিমাৰীৰ জিয়াবুৰ ৰহমান নামৰ এটা কুখ্যাত ডকাইতক কৰায়ত্ব কৰে ৷ ধৃত ডকাইতটোৰ পৰা আৰক্ষীয়ে এটা পইণ্ট থ্ৰী টু পিষ্টলৰ লগতে সাত জাই সজীৱ গুলী জব্দ কৰিবলৈ সক্ষম হয় ৷

ইফালে নগাঁও আৰক্ষীৰ আন এটা দলে অভিযান চলাই এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসহ মহিলা সৰবৰাহকাৰীক আটক কৰে নগাঁও আৰক্ষীৰ দলটোৱে ৷ উল্লেখযোগ্য যে, আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নেতৃত্বত নগাঁও আৰক্ষীয়ে বিগত কেইদিনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অপৰাধীৰ বিৰুদ্ধে চলোৱা অভিযানত বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷

উল্লেখযোগ্য যে, বিগত কিছু দিন ধৰি অপৰাধীৰ বিৰুদ্ধে জিলাখনৰ বিভিন্ন প্ৰান্তত কঠোৰ অভিযান অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ৷ এই অভিযান সমূহত আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে লক্ষ্যণীয়ভাৱে লাভ কৰিছে সফলতা ৷

লগতে পঢ়ক :Golaghat Triple Murder: গোলাঘাট ট্ৰিপল মাৰ্ডাৰে প্ৰমাণ কৰিলে লাভ জিহাদ এতিয়াও আছে; হিমন্ত বিশ্ব শৰ্মা

Last Updated :Jul 26, 2023, 9:45 PM IST

ABOUT THE AUTHOR

...view details