অসম

assam

Rehabilitation Centre in Nagaon : নগাঁৱত ড্ৰাগছ আসক্তৰ পুনৰ সংস্থাপন কেন্দ্ৰ বিচাৰি কেন্দ্ৰলৈ পত্ৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 9:29 PM IST

২০০৪ চনত চিকিৎসালয়খনলৈ ড্ৰাগছ আসক্ত লোক মাহত চাৰিজন গৈছিল । কিন্তু বৰ্তমান দৈনিক ২০ গৰাকী ড্ৰাগছ আসক্ত লোক চিকিৎসাৰ বাবে যায় । এই ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।

Etv BharatRehabilitation Centre in Nagaon
ড্ৰাগছ আসক্তৰ পুনৰ সংস্থাপন কেন্দ্ৰ বিচাৰি কেন্দ্ৰলৈ পত্ৰ প্ৰদ্যুৎ বৰদলৈৰ

ড্ৰাগছ আসক্তৰ পুনৰ সংস্থাপন কেন্দ্ৰ বিচাৰি কেন্দ্ৰলৈ পত্ৰ প্ৰদ্যুৎ বৰদলৈৰ

চামগুৰি, 10 অক্টোবৰ: ‘‘উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত অধিক ড্ৰাগছ আসক্ত লোক থকা জিলালৈ পৰিণত হৈছে নগাঁও ৷’’ মঙলবাৰে নগাঁৱত সংবাদ মাধ্যমৰ আগত এই বিস্ফোৰক মন্তব্য কৰে নগাঁও লোক সভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।

'দি নভ' নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত অনুষ্ঠিত নিষিদ্ধ ড্ৰাগছবিৰোধী সজাগতা অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংসদ বৰদলৈয়ে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ এক তথ্য দাঙি ধৰি কয়-‘‘২০০৪ চনত চিকিৎসালয়খনলৈ ড্ৰাগছ আসক্ত লোক মাহত চাৰিজন গৈছিল । কিন্তু বৰ্তমান দৈনিক ২০ গৰাকী ড্ৰাগছ আসক্ত লোক চিকিৎসাৰ বাবে যায় । আমি সকলোৱে যদি সচেতন নহও, ড্ৰাগছৰ বিৰুদ্ধে ব্যৱস্থা নলও দৈনিক ২০০ জন ড্ৰাগছ আসক্ত লোক চিকিৎসালয়লৈ যোৱাৰ দিন আহিব ।’’

সাংসদ বৰদলৈয়ে ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে ১৯৮৫ চনতে গৃহীত এম এচ ডি পি আইনখনত বহুতো সুৰুঙা আছে বুলি মন্তব্য কৰি কয়- ‘‘এই সম্পৰ্কত দেশৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছো যাতে এই আইনখন কটকটীয়া কৰে ।’’ সাংসদজনে লগতে কয় যে কোনো ব্যক্তিৰ হাতত দহ গ্ৰাম ড্ৰাগছ পালে তেওঁক ড্ৰাগছ সৰবৰাহকাৰী বুলি নধৰে । তেওঁক ড্ৰাগছ আসক্ত ব্যক্তি বুলিহে ধৰা হয় । ফলত তেওঁৰ বিৰুদ্ধে আইনগতভাবে কঠোৰ ব্যৱস্থা ল’ব নোৱাৰে । ইয়াৰ সুযোগ লৈ সৰু সৰু ল'ৰা-ছোৱালীৰ হাতত দহগ্ৰামকৈ ড্ৰাগছ দি ড্ৰাগছ সৰবৰাহকাৰীসকলে কৌশলেৰে ব্যৱসায় চলাই গৈছে ।’’

সাংসদগৰাকীয়ে ‘দি নভ' নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ ড্ৰাগছবিৰোধী সজাগতা সভাক প্ৰশংসা কৰি নগাঁৱত ড্ৰাগছ আসক্তসকলৰ বাবে এটা সুন্দৰ আন্তঃগাঁথনিসম্পন্ন পুনৰ সংস্থাপন কেন্দ্ৰৰ প্ৰয়োজন বুলি কয় । সাংসদজনে ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগক আবেদন কৰাৰ কথাও সদৰী কৰে । দি নভ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সভানেত্ৰী নাজনিন আখটাৰ হুছেইনেও ড্ৰাগছ আসক্তৰ বিৰুদ্ধে সংগঠনটোৱে ব্যাপক ৰূপত সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিব বুলি কয় ।

লগতে পঢ়ক:SI Junmoni Rabha: তদন্তৰ জাল চপাই আনিছে চিবিআয়ে; উঠিব নেকি ৰৌ-বৰালি ?

ABOUT THE AUTHOR

...view details