অসম

assam

Draft Voter List released: নগাঁৱত নতুন খচৰা ভোটাৰ তালিকা প্ৰকাশ

By

Published : Nov 10, 2022, 10:45 AM IST

বুধবাৰে নগাঁও জিলাৰ নিৰ্বাচনী বিষয়াৰ অধীনত থকা নগাঁও সদৰ, ৰহা, ধিং, বটদ্ৰৱা, ৰূপহীহাট, বঢ়মপুৰ, চামগুৰি আদি সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয় (Draft Voter List released in Nagaon) ৷

draft-voter-list-released-in-nagaon
নগাঁও জিলাত নতুন খচৰা ভোটাৰ তালিকা প্ৰকাশ

নগাঁও, 10 নৱেম্বৰ: বুধবাৰে নগাঁও জিলাৰ নিৰ্বাচনী বিষয়াৰ অধীনত থকা নগাঁও সদৰ, ৰহা, ধিং, বটদ্ৰৱা, ৰূপহীহাট, বঢ়মপুৰ, চামগুৰি আদি সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয় (Draft Voter List released in Nagaon) ৷ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত, ভোটাৰ তালিকাত থকা নাম সংশোধন, অন্য স্থানলৈ স্থানান্তৰ, মৃত ব্যক্তিৰ নাম কৰ্তন আদি প্ৰক্ৰিয়া বুধবাৰৰ পৰা জিলাখনত কাৰ্যকৰী কৰা হৈছে ।

নগাঁও জিলাত নতুন খচৰা ভোটাৰ তালিকা প্ৰকাশ

বুধবাৰে এক সংবাদমেল যোগে নগাঁও জিলা নিৰ্বাচনী বিষয়াই (Nagaon District Election Officer) এই কথা সদৰী কৰে ৷ লগতে আগন্তুক ২০২৩ চনৰ ১ জানুৱাৰীত যিসকল ভাৰতীয় নাগৰিকৰ বয়স ১৮ বছৰ সম্পূৰ্ণ কৰিব অথবা যিসকলৰ নাম ভোটাৰ তালিকাত অন্তর্ভুক্ত হোৱা নাই প্ৰ-পত্ৰ নং-৬ যোগে আবেদন কৰিব পাৰিব বুলিও জনায় জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে ৷

তাৰোপৰি, মৃত ব্যক্তি, স্থানান্তৰিত অথবা দুবাৰকৈ নাম অন্তৰ্ভুক্ত হৈ থকা ভোটাৰে প্ৰ-পত্ৰ নং- ৭ পুৰণ কৰি নাম কৰ্ত্তন কৰিব পাৰিব বুলিও সদৰী কৰে বিষয়াগৰাকীয়ে । ভোটাৰ স্থানান্তৰিত, নাম অথবা অন্যান্য তথ্য শুধৰনী, ৰিপ্লেচমেন্ট ভোটাৰ আইডি কার্ড পাবৰ বাবে আৰু বিকলাংগ ভোটাৰ চিহ্নিত কৰিবৰ বাবে প্ৰ-পত্ৰ নং-৮ যোগে প্ৰেৰণ কৰিব পাৰিব আৰু আধাৰ সংযোগ কৰাৰ বাবে ৬ নং প্ৰ-পত্ৰ যোগে প্ৰেৰণ কৰিব পাৰিব, অৱশ্যে আধাৰ তথ্য প্ৰেৰণ কৰাটো সম্পূর্ণভাৱে স্বেচ্ছামূলক বুলিও মন্তব্য কৰে নিৰ্বাচনী বিষয়াগৰাকীয়ে ৷

ইয়াৰোপৰি, বুধবাৰৰ পৰা আৰম্ভ কৰা এই সংশোধনী প্ৰক্ৰিয়াৰ বাবে ভোটাৰসকলে চলিত বৰ্ষৰ ৮ ডিচেম্বৰ ভিতৰত দাখিল কৰিব লাগিব বুলি উল্লেখ কৰে বিষয়াগৰাকীয়ে । আগন্তক ২০২৩ চনৰ ৫ জানুৱাৰীৰ দিনা চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব ।

ভোটাৰসকলে সংশোধনী প্ৰক্ৰিয়াৰ সন্দৰ্ভত অধিক তথ্য জানিবৰ বাবে জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়, চক্ৰ বিষয়াৰ কাৰ্যালয় অথবা ভোট কেন্দ্ৰত নিয়োজিত হৈ থকা ভোটগ্ৰহণ কেন্দ্ৰৰ বুথ পৰ্যায়ৰ বিষয়াৰ সৈতে যোগাযোগ কৰিব পাৰিব বুলি জনায় নিৰ্বাচনী বিষয়াগৰাকীয়ে ৷

আনহাতে, অন্তৰ্ভূক্তিৰ দাবী বা আপত্তিৰ বাবে অনলাইন www.nvsp.in / Voter Helpline App ৰ যোগেদিও আবেদন কৰিব পাৰিব বুলি সংবাদ মেল যোগে সদৰি কৰে জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে । স্মৰণীয় যে, এই তথ্যৰ ভিত্তিত আগন্তুক ২০২৩ চনৰ ৫ জানুৱাৰীত প্ৰকাশ কৰা হ'ব সম্পূৰ্ণ ভোটাৰ তালিকা ।

লগতে পঢ়ক:Draft Voter List released: প্ৰকাশ পালে জোনাই বিধানসভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা

ABOUT THE AUTHOR

...view details