অসম

assam

Former MLA dacoit case: প্ৰাক্তন বিধায়কৰ বাসগৃহত ডকাইতিকাণ্ডৰ লগত জড়িত তিনি ডকাইত আটক

By

Published : Dec 18, 2022, 11:28 AM IST

প্ৰাক্তন বিধায়কৰ বাসগৃহৰ ডকাইতিত জড়িত তিনি কুখ্যাত ডকাইতক আটক কৰে নগাঁও আৰক্ষীয়ে (3 dacoits arrested in Nagaon)৷

3-dacoits-arrested-in-nagaon
তিনি ডকাইত আটক

তিনি ডকাইত আটক

নগাঁও, 18 ডিচেম্বৰ:নগাঁও আৰক্ষীৰ বিশেষ সফলতা (Former MLA dacoit case) ৷ প্ৰাক্তন বিধায়কৰ বাসগৃহৰ ডকাইতিত জড়িত তিনি কুখ্যাত ডকাইতক শনিবাৰে আটক কৰে নগাঁও আৰক্ষীয়ে (3 dacoits arrested in Nagaon)৷

ঘটনা অনুসৰি বিগত 13 ডিচেম্বৰত নগাঁৱৰ ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক মোবাৰক আলী পাঠানৰ (Former MLA Mubarak Ali Pathan) ধিংস্থিত বাসগৃহত সংঘটিত হৈছিল এক লোমহৰ্ষক ডকাইতি কাণ্ড (Dacoit case in Nagaon) ৷ প্ৰাক্তন বিধায়ক মোবাৰক আলী পাঠানসহ পৰিয়ালৰ আটাইকেইজন সদস্যক স্প্ৰেৰ জৰিয়তে অচেতন কৰি ঘৰৰ পৰা ডকাইতে লুটি নিছিল অলংকাৰকে ধৰি বিভিন্ন সামগ্ৰী ৷ ডকাইতৰ আক্ৰমণত আহত হৈছিল প্ৰাক্তন বিধায়ক মোবাৰক আলী পাঠান ৷

পুৱাই সংঘটিত হোৱা ডকাইতিৰ বিষয়ে অৱগত হোৱাৰ পিছত পৰিয়ালৰ আটাইকে নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হৈছিল ৷ সম্প্ৰতি আটাইকেইজন সংকটমুক্ত বুলি জানিব পৰা গৈছে ৷ ইপিনে প্ৰাক্তন বিধায়ক মোবাৰক আলী পাঠনৰ বাসগৃহত সংঘটিত ডকাইতি সন্দৰ্ভত নগাঁও আৰক্ষীয়ে (Nagaon Police investigation) আৰম্ভ কৰিছিল অনুসন্ধান ৷ ইয়াৰ পাছতেই শনিবাৰে ডকাইতি ঘটনাৰ লগত জড়িত তিনিটাকৈ কুখ্যাত ডকাইতক আটক কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী ৷

নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেৰ (Nagaon SP Leena Doley)তৎপৰতাত নগাঁৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত ধিং আৰক্ষী, জুৰীয়া আৰক্ষী, কামপুৰ আৰক্ষী, ৰূপহীহাট আৰক্ষী, নগাঁৱৰ হয়বৰগাঁও আৰু মৰিকলং আৰক্ষী চকীৰ আৰক্ষীৰ সহযোগত চলা এক বৃহৎ অভিযানত জিলাখনৰ ভিন্নস্থানৰ পৰা আটক কৰে তিনিটাকৈ কুখ্যাত ডকাইতক । আৰক্ষীৰ বৃহৎ দলটোৱে ৰূপহীহাটৰ দক্ষিণ খাটোৱালৰ পৰা উমৰ ফাৰুক, মাগুৰমাৰীৰ আবুল হুছেইন আৰু ধিঙৰ বাতাবাৰীৰ ইনামূল হক নামৰ ডকাইত তিনিটাক আটক কৰে ৷

ধৃত ডকাইতৰ পৰা 7.6 পিষ্টলৰ লগতে তিনিজাইকৈ সজীৱ গুলি আৰু বহুতো আ-অলংকাৰ উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ আৰক্ষীয়ে ৰূপহীহাটৰ ওমৰ ফাৰুকৰ ঘৰৰ পৰা সজীৱ গুলীসহ পিষ্টলটো উদ্ধাৰ কৰে ৷ সম্প্ৰতি অধিক তথ্যৰ বাবে ডকাইতকেইটাৰ জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে (Nagaon police arrested 3 dacoits) ৷

লগতে পঢ়ক:Reserve close order to ASI: বিলাসীপাৰাৰ যান বাহন নিয়ন্ত্ৰণ শাখাৰ ASI সুনীল দাসক ৰিজাৰ্ভ ক্ল’জ

ABOUT THE AUTHOR

...view details