অসম

assam

ধৰমতুল কাণ্ডৰ অভিযুক্ত ৰমেন মেধিৰ আত্মসমৰ্পণ

By

Published : Jul 13, 2021, 11:39 AM IST

সোমবাৰে নিশা মৰিগাঁও জিলাৰ ধৰমতুল আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিলে ধৰমতুল কাণ্ডৰ অভিযুক্ত ৰমেন মেধিয়ে । আত্মসমৰ্পণ কৰি নিজকে নিৰ্দোষী বুলি দাবী কৰিলে ৰমেন মেধিয়ে । অভিযুক্ত ৰমেন মেধিয়ে নাম লৈছে প্লাৱন বৰঠাকুৰ আৰু ৰাজীৱ নামৰ আন দুজন লোকৰ । কোন এই প্লাৱন বৰঠাকুৰ আৰু ৰাজীৱ ?

One accused of Human organ trafficing case in Morigaon surendered
আত্মসমৰ্পণ কৰিলে ধৰমতুল কাণ্ডৰ অভিযুক্ত ৰমেন মেধিয়ে

মৰিগাঁও, ১৩ জুলাই: অৱশেষত তিনিদিনৰ পাছত আত্মসমৰ্পণ কৰিলে ধৰমতুল কাণ্ডত নাম সাঙোৰ খাই পৰা ৰমেন মেধিয়ে । মানৱ দেহৰ অংগৰ অবৈধ বেহাৰ বিষয়ে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া যিমানে আগবাঢ়িছে, সিমানেই ধৰমতুল কাণ্ডৰ ন ন তথ্য পোহৰলৈ আহিছে । সোমবাৰে নিশা মৰিগাঁও জিলাৰ ধৰমতুল আৰক্ষীৰ ওচৰত মানৱ দেহৰ অংগৰ বেহাৰে জড়িত লিংকমেনৰূপে চৰ্চিত উত্তৰ ধৰমতুল গাঁৱৰ যুৱক ৰমেন মেধিয়ে আত্মসমৰ্পণ কৰে । এই গোচৰৰ ভিত্তিত এতিয়ালৈকে জাগীৰোডত তিনিজন লোকক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

জাগীৰোড আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰি মৰিগাঁৱৰ আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ শনিবাৰে সন্ধিয়া মৰিগাঁৱৰ দক্ষিণ ধৰমতুলত মানৱ দেহৰ অংগৰ ৰমৰমীয়া বেহা চলাই নিয়া মাষ্টৰমাইণ্ড পৰিল ৰাইজৰ ৰোষত । লাখ লাখ টকাৰ প্ৰলোভন দি দৰিদ্ৰ লোকক কলকাতালৈ নি বিক্ৰী কৰে দেহৰ অংগ । কিন্তু শেহতীয়াকৈ কিডনী বিক্ৰী কৰাৰ পাছত পূৰ্বে বন্দোবস্ত কৰা মূল্য নোপোৱাত এগৰাকী কিডনী বিক্ৰেতাই অভিযোগ উত্থাপন কৰে ।

এয়া আৰম্ভণিহে আছিল । লোকজনে অভিযোগ তোলাৰ পাছতে পোহৰলৈ আহিছে এনেধৰণৰ কেইবাটাও ঘটনা । জানিব পৰা মতে, নেলী আৰক্ষী চকীৰ অন্তৰ্গত দক্ষিণ ধৰমতুলত এগৰাকী মহিলাৰ নেতৃত্বত বহুদিন ধৰি চলি আছে মানৱ দেহৰ অংগৰ অবৈধ ব্যৱসায় ৷

অভিযুক্ত ৰমেন মেধি

একাংশ দৰিদ্ৰ লোকক টাৰ্গেট কৰি লয় এই চক্ৰটোৱে ৷ কেইবালাখ টকাৰ প্ৰলোভন দি একাংশ দৰিদ্ৰ লোকক কিডনী বিক্ৰী কৰিবলৈ সন্মত কৰায় এজেণ্টসকলে ৷ জাগীৰোড সমষ্টিৰ দক্ষিণ ধৰমতুলৰ একাংশ স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত শনিবাৰে গাঁওৰক্ষী বাহিনীৰ সহযোগিতাত মাষ্টাৰমাইণ্ড লিলিমাই বড়োক নেলী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । শনিবাৰে কেইবাগৰাকীও লোকক কিডনী দানৰ বাবে আগধন দিবলৈ অহাৰ সময়তে স্থানীয় ৰাইজ তথা মহিলা গাঁওৰক্ষী বাহিনীয়ে মহিলাগৰাকীক কৰায়ত্ত কৰে ৷ পাছত মহিলাগৰাকীক ৰাইজে নেলী আৰক্ষীৰ হাতত গতাই দিয়ে ৷

ঘটনা সন্দৰ্ভত নেলী আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে ৷ এনে মানৱ দেহৰ অংগ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে ভুক্তভোগী সুবন্ত দাসে । কিন্তু এই ঘটনা পোহৰলৈ অহাৰ পাছতে প্ৰশ্ন উত্থাপন হৈছে যে, এই লোকসকলক নথি-পত্ৰৰ যোগান ধৰে ?

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কোন কোন মানৱ দেহৰ অংগৰ দালালে এই লোকসকলক পৰিয়ালৰ মানুহ বুলি ক'বলৈ শিকাই দিয়ে । চুক্তি পত্ৰত কেৱল চহীটোহে কৰে ভুক্তভোগীয়ে । অতি কৌশলেৰে দৰিদ্ৰ লোকসকলক ধনৰ প্ৰলোভন দি দেহৰ অংগ দান কৰিবলৈ বাধ্য কৰায় মানৱ দেহৰ অংগৰ ব্যৱসায়ীবোৰে ।

লগতে পঢ়ক: ভিডিঅ' ভাইৰেল কৰা যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু

ABOUT THE AUTHOR

...view details