অসম

assam

কিলিং নৈৰ বাঢ়নী পানীয়ে বুৰাইছে মৰিগাঁৱৰ দক্ষিণ পশ্চিম অঞ্চল

By

Published : Sep 26, 2020, 7:34 AM IST

বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত মায়ং ৰাজহচক্ৰৰ গোভা, কুঠুৰী, বিলামপাৰ,পলাহগুৰি আদি প্ৰায় কুৰিখন গাঁও ইতিমধ্যে জলমগ্ন হৈছে ৷

kiling River flood at Marigaon
কিলিং নৈৰ বাঢ়নি পানীয়ে বুৰাইছে মৰিগাঁৱৰ দক্ষিণ পশ্চিম অঞ্চল

মৰিগাঁও, 26 ছেপ্তেম্বৰঃমৰিগাঁৱৰ দক্ষিণ পশ্চিম অঞ্চলত বানৰ বিভিষিকা ৷ বিগত কেইবাদিন ধৰি অহা নেৰানেপেৰা বৰষুণৰ ফলত মায়ং ৰাজহচক্ৰৰ গোভা,কুঠুৰী,বিলামপাৰ, পলাহগুৰি আদি প্ৰায় কুৰিখন গাঁও জলমগ্ন হৈছে ৷ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ পানীয়ে ইতিমধ্যে বিপদসীমা অতিক্ৰম কৰিছে ৷ যাৰ বাবে কেইবাখনো গেটেৰে এৰি দিছে প্ৰকল্পৰ পানী ৷ কিলিং নৈৰ বাঢ়নী বানীয়ে কুৰিখনৰো অধিক গাঁও জলমগ্ন কৰাৰ ফলত প্ৰায় পোন্ধৰ হাজাৰ হেক্টৰ শলি ধানৰ খেতিৰ লগতে বিনষ্ট হৈছে হাজাৰ হাজৰ বিঘা কলখেতি ৷

মৰিগাঁৱত বানত বুৰ গৈছে হাজাৰ বিঘা কলখেতি

ABOUT THE AUTHOR

...view details