অসম

assam

আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

By

Published : Jul 12, 2021, 11:06 PM IST

অত্যাৱশ্যকীয় সামগ্ৰী তথা পেট্ৰ'ল জাতীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে মাজুলী গড়মূৰ পেট্ৰ'ল পাম্পৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছৰ সদস্যসকলে । বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লগান দি পৰিৱেশ উত্তাল কৰে প্ৰতিবাদকাৰীসকলে ৷

Congress Protest Against Hike Price At Majuli District
আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

মাজুলী,12 জুলাই: ক'ভিডসৃষ্ট পৰিৱেশে জুৰুলা কৰা সাধাৰণ জনতাৰ ওপৰত এতিয়া মূল্যবৃদ্ধিয়ে পুনৰ মাধমাৰ শোধাইছে । মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা চৰকাৰখনে এতিয়া হিতৰ বিপৰীতে জনসাধাৰণৰ মূৰত ৰামটাঙোন শোধাইছে ৷ অত্যাৱশ্যকীয় সামগ্ৰী তথা পেট্ৰ'ল জাতীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে দীৰ্ঘ দিন ধৰি কংগ্ৰেছ দলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ৷

আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

মূল্যবৃদ্ধিৰ বিৰুদ্ধে সোমবাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নিৰ্দেশমৰ্মে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সকলো জিলাতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিবলৈ আহ্বান জনায় ৷ এই নিৰ্দেশমৰ্মে মাজুলী জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত পেট্ৰ'ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত গণ স্বাক্ষৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । মাজুলী গড়মূৰত পেট্ৰ'ল পাম্পৰ সন্মুখত প্ৰতিবাদ কৰে ।

নিত্য ব্যৱহাৰ্য সামগ্ৰী তথা পেট্ৰ'ল জাতীয় সামগ্ৰীৰ দৈনিক বৃদ্ধি পাইছে যদিও চৰকাৰে মূল্যবৃদ্ধি প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি বিজেপি মিত্ৰজোঁট চৰকাৰ খনক তীব্ৰ সমালোচনা কৰে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত বিজেপি চৰকাৰ হায় হায়, পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰক, নৰেন্দ্ৰ মোডী হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায় হায় ইত্যাদি বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷

অতি শীঘ্ৰে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে পেট্ৰ'ল জাতীয় সামগ্ৰীৰ মূল্য প্ৰতিৰোধ কৰিবলৈ চৰকাৰ তথা যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক দাবী জনাই প্ৰতিবাদকাৰীসকলে মূল্য বৃদ্ধি হ্ৰাস নকৰিলে অনাগত দিনত জংগী আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক হুংকাৰ দিয়ে ৷ কেৱল অত্যাৱশ্যকীয় সামগ্ৰীয়েই নহয়, বিদ্যুৎ মাচুল ৰেহাই দিয়াৰ বিপৰীতে বিজেপি চৰকাৰে বিদ্যুতৰ মাচুল তিনিগুন, চাৰিগুন বৃদ্ধি কৰিছে বুলিও কংগ্ৰেছ দলে অভিযোগ উত্থাপন কৰে ৷

বিজেপি চৰকাৰৰ শাসনকালত আম্বানী-আদানীৰ দৰে পুঁজিপতিসকল অধিক ধনী হোৱাৰ বিপৰীতে মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকৰ জীৱন দিনক দিনে পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে বুলি অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে ৷ ইয়াৰ সমান্তৰালকৈ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত বাজিয়াগাঁও ব্লক কংগ্ৰেছ কমিটিৰ দলীয় সতীৰ্থ সকলেও দুঘন্টা ধৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে পালন কৰিলে তীব্ৰ প্ৰতিবাদ ৷ চামগুৰিৰ ৰঙাগঢ়াস্থিত NRL পেট্ৰ'ল পাম্পৰ বাকৰিত প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক-দিল্লীত গৈ প্ৰতিবাদ কৰাৰ হুংকাৰ অসমৰ মধ্যাহ্ন ভোজন কৰ্মীৰ

ABOUT THE AUTHOR

...view details