অসম

assam

বিশেষ আঁচনিৰ অধীনত নাওবৈচাৰ গাঁওবুঢ়া সকলক ম'বাইল ফোন বিতৰণ

By

Published : Jul 7, 2020, 12:36 AM IST

অসম চৰকাৰে বিশেষ আঁচনিৰ জৰিয়তে চৰকাৰী গাঁওবুঢ়া সকললৈ আগবঢ়োৱা ম'বাইল ফোন সোমবাৰে নাওবৈচা ৰাজহ চক্ৰৰ অধীনস্থ গাঁওবুঢ়াসকলৰ মাজত বিতৰণ কৰা হয় । মহামাৰী ক'ৰণা ভাইৰাছৰ সংহাৰৰ মাজতে নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত ৪৭ গৰাকী লাট গাঁওবুঢ়াক একোটাকৈ ম'বাইল ফোন প্ৰদান কৰে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই ।

mobile-phone-distribution-to-village-head-at-naobaisha
mobile-phone-distribution-to-village-head-at-naobaisha

নাওবৈচা,৬জুলাই :ম'বাইল ফোন বিতৰণৰ লগত সংগতি ৰাখি নাওবৈছা চক্ৰ বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখন সভাত অংশগ্ৰহণ কৰি সাংসদ প্ৰদান বৰুৱাই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন জন কল্যাণকামী আঁচনিৰ বিষয়ে উপস্থিত ৰাইজক অৱগত কৰাৰ লগতে গাঁওবুঢ়াসকলক ম'বাইল ফোন প্ৰদানৰ জৰিয়তে ৰাজহ বিভাগৰ কাম কাজসমূহ ডিজিটেল প্ৰক্ৰিয়াৰে ক্ষীপ্ৰতাৰে সম্পন্ন কৰাত সহায়ক হোৱাৰ আশা ব্যক্ত কৰে ।

mobile-phone-distribution-to-village-head-at-naobaisha

অনুষ্ঠানত ৰাজহ চক্ৰ বিষয়া খুলজিৎ পাদুন, লখিমপুৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক ডিম্বেশ্বৰ গগৈ, বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰাও গজেন্দ্ৰ সিং, নাওবৈচা মণ্ডল বিজেপিৰ সভাপতি ৰঞ্জিত পাৱে, জিলা পৰিষদৰ সদস্যদ্বয় ক্ৰমে গহীন বৰা আৰু অনন্ত নেঁওগ প্ৰমুখ্যে ব্যক্তিসকলে অংশগ্ৰহণ কৰে ।

mobile-phone-distribution-to-village-head-at-naobaisha

ABOUT THE AUTHOR

...view details