অসম

assam

শিক্ষাবিদ, প্ৰবক্তা যোগেন তামুলীৰ মৃত্যু

By

Published : Oct 22, 2019, 9:24 PM IST

অসমীয়া ভাষা সাহিত্যৰ গবেষক,মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা যোগেন তামুলীৰ মৃত্যু ৷ যোৱা ১৪ ছেপ্তেম্বৰত ঘৰৰ বাথৰুমত পৰি মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছিল অসমীয়া ভাষা-সাহিত্যৰ অন্যতম কাণ্ডাৰীজন ৷

শিক্ষাবিদ, প্ৰৱক্তা যোগেন তামুলীৰ মৃত্যু

বিহপুৰীয়া, 22 অক্টোবৰঃ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক,শিক্ষাবিদ,অসমীয়া ভাষা সাহিত্যৰ গৱেষক যোগেন তামুলীৰ দেহাৱসান ৷ যোৱা ১৪ ছেপ্তেম্বৰত ঘৰৰ বাথৰুমত পৰি মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছিল অসমীয়া ভাষা-সাহিত্যৰ অন্যতম কাণ্ডাৰীজন ৷ কিন্তু মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয় অধ্যাপক,শিক্ষাবিদগৰাকীৰ ৷ অধ্যাপকগৰাকীৰ মৃত্যুত নাৰায়ণপুৰৰ বাসগৃহত শোকৰ ছাঁ পৰাৰ লগতে সমগ্ৰ নাৰায়ণপুৰতে লগতে বিৰাজ কৰিছে শোকাকুল পৰিৱেশে ৷ মৃত্যুৰ সময়ত শিক্ষাবিদজনে পত্নীসহ দুই কন্যাক এৰি থৈ যায় ৷

ABOUT THE AUTHOR

...view details