অসম

assam

BTC CEM Pramod Boro: লোকসভা নিৰ্বাচনৰ পিচতে চিৰদিনৰ বাবে দোকান বন্ধ হ'ব হাগ্ৰামা মহিলাৰীৰ; প্ৰমোদ বড়ো

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 9:37 PM IST

হাগ্ৰামাৰ বিৰুদ্ধে সৰৱ প্ৰমোদ বড়ো ৷ লোকসভা নিৰ্বাচনৰ পিচতে চিৰদিনৰ বাবে দোকান বন্ধ হ'ব হাগ্ৰামা মহিলাৰীৰ ৷ ফকিৰাগ্ৰাম কলেজৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে এককোটি অনুদানৰ ঘোষণা প্ৰমোদ বড়োৰ ৷

BTC CEM Pramod Boro
বিটিচি প্ৰধান প্ৰমোদ বড়ো

বিটিচি প্ৰধান প্ৰমোদ বড়ো

কোকৰাঝাৰ, ২৭ ছেপ্টেম্বৰ: কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম কলেজৰ নৱাগতা আদৰণি সভা বুধবাৰে অনুষ্ঠিত হয় । উক্ত নৱাগতা আদৰণি সভাত বিটিচি প্ৰধান প্ৰমোদ বড়ো মুখ্য অতিথি হিচাপে উপস্থিত থাকে । নৱাগতা আদৰণি সভাৰ অন্তত বিটিচি প্ৰধান প্ৰমোদ বড়োৱে ফকিৰাগ্ৰাম কলেজে নাকৰ দ্বাৰা মূল্যায়নত বি+ গ্ৰেড লাভ কৰাত সন্তুষ্টি প্ৰকাশ কৰি ফকিৰাগ্ৰাম কলেজৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে এককোটি টকা আৰু কৰ্মশালা অনুষ্ঠিত কৰাৰ বাবে এক লাখ টকা অনুদানৰ কথা ঘোষণা কৰে ।

ইপিনে সাংবাদিকৰ এক প্ৰশ্নোত্তৰত হাগ্ৰামা মহিলাৰী আৰু বিপিএফ দল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে । তেওঁ কয় একমাত্ৰ বিৰোধী হোৱাৰ বাবেই হাগ্ৰামা মহিলাৰীয়ে ক’লাক ক’লা বুলি নকৈ বগা বুলি কৈছে । অহা লোকসভা নিৰ্বাচনত বিপিএফে দুটা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰিলেও দুয়োটা সমষ্টিতে হাৰিব । ইয়াৰ পিছতে চিৰদিনৰ বাবে দোকান বন্ধ হ'ব হাগ্ৰামা মহিলাৰীৰ ।

তেওঁ লগতে হাগ্ৰামা মহিলাৰীয়ে নিজৰ দলৰ সদস্যকে পুনৰাই নিজৰ দলতে যোগদান কৰাই সাংগঠনিক গণভিত্তি প্ৰৱল হোৱা বুলি আভুৱা ভৰি অহা বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে কয় যে ইউপিপিএলৰ দিনত উন্নয়ন হোৱা নাই বুলি হাগ্ৰামা মহিলাৰীয়ে দাবী কৰাটো গোকাট মিছা কথা । ইফালে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীত্ব সন্দৰ্ভত মিত্ৰদলৰ মাজত কোনো আলোচনা হোৱা নাই বুলি উল্লেখ কৰি তেওঁ আলোচনা হ’লেই জনোৱা হ'ব বুলি জানিবলৈ দিয়ে ৷

তেওঁ লগতে বিটিচিত উচ্ছেদ সন্দৰ্ভতো একাংশই ভুল ব্যাখ্যা আগবঢ়াই আছে বুলি মন্তব্য কৰে । উচ্ছেদ কৰাৰ বাবে ইউপিপিএল কোনো উদ্দেশ্য নাই কিন্তু বনাঞ্চল সম্পৰ্কীয় আইন আছে বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে কয় যে মানুহকো সুৰক্ষা দিব লাগিব আৰু বন্যপ্ৰাণীকো সুৰক্ষা দিব লাগিব ।

লগতে পঢ়ক:Meitei youths killed: প্ৰধানমন্ত্ৰীৰ বাবে মণিপুৰ নাই; গৌৰৱ গগৈ

ABOUT THE AUTHOR

...view details