অসম

assam

Second Anniversary of UPPL Govt : বিটিআৰত ইউপিপিএল চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি উদযাপন

By

Published : Dec 20, 2022, 8:03 PM IST

কোকৰাঝাৰত ইউপিপিএল চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি উদযাপন (2 years completion of UPPL govt in BTR) ৷ ২৯০০ কোটিৰ ১৫০০ কোটিয়ে ভুৱা লায়েবিলিটি বুলি উল্লেখ প্ৰমোদ বড়োৰ ৷ শান্তি আৰু নিৰাপত্তা বৰ্তাই ৰখাৰ বাৰ্তা প্ৰমোদ বড়োৰ ৷

UPPL
UPPL

কোকৰাঝাৰ, ২০ ডিচেম্বৰ : ২০২০ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ২০ ডিচেম্বৰত প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰত গঠিত হৈছিল ইউপিপিএল, বিজেপি আৰু জিএছপিৰ চৰকাৰ (UPPL led govt in BTR) । হাগ্ৰামা মহিলাৰীৰ ১৭ বছৰীয়া কাৰ্যকাল ওফৰাই পৰিবৰ্তনৰ শ্লোগানেৰে গঠন হোৱা বিটিআৰ চৰকাৰে আজিৰ দিনটোতে দুটা বছৰ সম্পূৰ্ণ কৰিলে (2 years completion of UPPL govt in BTR) ।

হত্যা-হিংসা, গোষ্ঠীদ্বন্দত আক্ৰান্ত বিটিআৰৰ শাসনভাৰ হাতত তুলি লোৱাৰ পিছতে প্ৰমোদ বড়োৰ নেতৃত্বত গঠিত হোৱা ইউপিপিএল, বিজেপি আৰু জিএছপিৰ চৰকাৰে বিগত দুটা বছৰত হত্যা-হিংসা, গোষ্ঠীদ্বন্দ নিৰ্মূল কৰিবলৈ সক্ষম হোৱাৰ লগতে অঞ্চলটোৰ জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰি তুলিবলৈ সক্ষম হয় (Pramod Boro led UPPL govt) ।

ইউপিপিএল চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি

আজি দুবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে বিটিআৰ প্ৰশাসনৰ উদ্যোগত কোকৰাঝাৰৰ বডোফা নগৰস্থিত বিটিচি সচিবালয়ৰ পথাৰত কেন্দ্ৰীয়ভাৱে উদযাপিত হৈছে বৰ্ষপূৰ্তি অনুষ্ঠান (UPPL govt celebrating completion of 2 years) । বৰ্ষপূৰ্তি উদযাপনৰ সতে সংগতি ৰাখি পুৱা শান্তিৰ বাবে এক পদযাত্ৰা উলিওৱা হয় ৷ বিটিআৰ সচিবালয়ৰ পৰা উলিওৱা শান্তিৰ পদযাত্ৰাৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে বিটিআৰ বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো আৰু কাৰ্যবাহী সদস্য দাওবৈছা বড়োৱে ৷

শান্তিৰ পদযাত্ৰাত বিটিআৰ প্ৰধান প্ৰমোদ বড়োসহ কেইবাগৰাকীও কাৰ্যবাহী সদস্য, পাৰিষদ আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে ৷ দেশভক্তি তথা বিভিন্ন শান্তিমূলক সংগীতৰে আৰম্ভ কৰা পদযাত্ৰাই কোকৰাঝাৰ চহৰৰ বিভিন্ন পথত পৰিভ্ৰমী কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত সামৰণি পৰে ।

ইউপিপিএল চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি

বৰ্ষপূৰ্তি উদযাপনৰ দিনজোৰা অন্যান্য কাৰ্যসূচী অনুযায়ী দোতমাৰ থুলুংগাপুৰীত থকা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ (Badofa Upendra Nath Brahma) প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ, কোকৰাঝাৰৰ ভাটিপাৰাত থকা বড়োলেণ্ড আন্দোলনৰ প্ৰথম শ্বহীদ সুজিৎ নাৰ্জাৰীৰ প্ৰতিমূৰ্তিত শ্বহীদ তৰ্পন আৰু বিটিআৰৰ সচিবালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় ৷ ইয়াৰ পিছতে অনুষ্ঠিত এক সভাত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে পূৰ্বৰ হাগ্ৰামা মহিলাৰী চৰকাৰক তীব্ৰ সমালোচনা কৰি ২৯০০ কোটি টকাৰ বোজা (liability) এৰি থৈ যোৱা বুলি মন্তব্য কৰে ।

২৯০০ কোটি টকাৰ ভিতৰত ১৫০০ কোটি টকায়েই ভুৱা বুলি দাবী কৰি প্ৰমোদ বড়োৱে কয় যে বিটিআৰ চৰকাৰে ধৰা নেপেলোৱা হ'লে ১৫০০ কোটি টকা ১০-১২ জন ঠিকাদাৰৰ পকেটত সোমালহেঁতেন । ১৫০০ কোটি টকা এখন স্বায়ত্তশাসিত পৰিষদৰ বাবে বহু টকা বুলি মন্তব্য কৰি চৰকাৰী পুঁজিৰ অপব্যৱহাৰ কৰাটো মুঠেই সমীচিন নহয় বুলি উল্লেখ কৰে । পূৰ্বৰ চৰকাৰৰ কোনো ব্যৱস্থা নাছিল আৰু বৰ্তমানৰ বিটিআৰ চৰকাৰে মুখ্য কাৰ্যবাহীৰ পৰা তৃণমুল পৰ্যায়লৈকে টীম বিটিআৰৰ বাবে এটা ব্যৱস্থা কৰি লৈছে ।

ইউপিপিএল চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি

শাসনযন্ত্ৰ ঠিক কৰাটোত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে আৰু ইয়াৰ লগে লগে অঞ্চলটোৰ শান্তি আৰু নিৰাপত্তা বৰ্তাই ৰাখিবলৈ চৰকাৰে অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে । বিটিআৰত শান্তি আৰু উন্নয়নৰ নতুন যাত্ৰা আৰম্ভ হৈছে আৰু অৰ্থনৈতিক, শৈক্ষিক উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে দীৰ্ঘদিনীয়া ভূমি সমস্যাৰ বাবে ভূমিমেলা আৰু ভূমি সমস্যা সমাধানৰ বাবে অহা ২৭ জানুৱাৰীত "বৈসুমতী" নামৰ অনলাইন এপ মুকলি কৰা হ'ব বুলি মন্তব্য কৰে ।

বিটিআৰৰ যুৱকসকলক ষড়যন্ত্ৰমুলকভাৱে অস্ত্ৰ লৈ জংঘলত প্ৰৱেশ কৰাইছিল বুলি গুৰুতৰ অভিযোগ কৰি সেই ভয়াৰ্ত পৰিৱেশৰ পৰা আজি বিটিআৰ মুক্ত হৈছে বুলি ঘোষণা কৰে প্ৰমোদ বড়োৱে । বিটিআৰৰ ৫০০ খন বিদ্যালয় নৱনিৰ্মাণ কৰা হ'ব আৰু ১০০০ খন বিদ্যালয় মেৰামতিকৰণ কৰা হ'ব বুলি উল্লেখ কৰি ধনাত্মক চিন্তাধাৰাৰে আগবাঢ়ি বিটিআৰক জাকতজিলিকা হিচাপে গঢ়ি তোলা হ'ব বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে।

ইউপিপিএল চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি

আনহাতে, সাংবাদিকৰ আগত প্ৰমোদ বড়োৱে কয় যে বিটিআৰৰ বহু সমস্যাৰ সমাধান কৰা হ'ল আৰু বিটিআৰ চুক্তিৰ প্ৰতিটো দফা ২০২৩ চনৰ ভিতৰতে সম্পূৰ্ণ কৰা হ'ব । ইপিনে সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নোত্তোৰত প্ৰমোদ বড়োৱে কয় যে সকলো জনগোষ্ঠীৰ প্ৰতিনিধিয়ে যাতে প্ৰতিনিধিত্ব কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় । বিটিআৰৰ ওপৰত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ পোনপটীয়া আশীৰ্বাদ আছে বুলিও মন্তব্য কৰে প্ৰমোদ বড়োৱে ।

ইয়াৰ উপৰি অচিৰেই টে'ট শিক্ষক নিযুক্তি দিয়া হ'ব আৰু ১০০০ খন বিদ্যালয়ত এডাপ্টৰ নিযুক্তি দিয়া হ'ব বুলিও ঘোষণা কৰে প্ৰমোদ বড়োৱে । প্ৰণিধানযোগ্য যে দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে আজি ২৪ টা বিভাগৰ সফলতাসমুহ বিভাগীয়ভাৱে উপস্থাপন কৰা হয় । উল্লেখ্য যে বিটিআৰ চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৰাজ্যপাল জগদীশ মুখী আৰু বিশেষ অতিথি হিচাপে বিজেপিৰ কেন্দ্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডাই অংশগ্ৰহণ কৰে ৷

আনহাতে, বৰ্ষপূৰ্তি অনুষ্ঠানত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিটিআৰ বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োসহ বিটিআৰৰ প্ৰায়ভাগ কাৰ্যবাহী সদস্য আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক :Assam Assembly Winter Session : বিধানসভা অধিবেশনৰ প্ৰথম দিনটোত কেইবাখনো বিধেয়ক উত্থাপন

ABOUT THE AUTHOR

...view details