অসম

assam

ডিফু-দলদলী গড়কাপ্তানি পথৰ শোচনীয় অৱস্থা

By

Published : Jul 11, 2021, 1:47 PM IST

ডিফু-দলদলীৰ ঝুম কন্ট্ৰ'ল পথৰ প্ৰায় ১০ কিল'মিটাৰ যোৰা পথৰ জৰাজীৰ্ণ অৱস্থা ৷ ফলত ছাত্ৰ-ছাত্ৰীৰ লগতে চিকিৎসালয়লৈ ৰোগীও নিব নোৱাৰা পৰিস্থিতি সৃষ্টি হোৱাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷

WORST PWD ROAD CONDITION OF DIPHU-DALDALI ROAD
ডিফু-দলদলী গড়কাপ্তানি পথৰ শোচনীয় অৱস্থা

ডিফু, 11 জুলাই : তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন বিজেপি শাসিত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ (Karbi Anglong Autonomous Council) অধীনত পাহাৰীয়া জিলা দুখন ক্ৰমে, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ অভূতপূৰ্ব উন্নয়ন হোৱা বুলি বিশেষ চৰ্চাৰ বিষয় হৈ থকাৰ সময়তে জিলাখনৰ সদৰ চহৰ ডিফুৰ নিকটৱৰ্তী ডিফুৰ মাটিপুং সংযোগী ডিফু-দলদলী পথৰ শোচনীয় অৱস্থাই উন্নয়নৰ প্ৰকৃত স্বৰূপ পোহৰলৈ আহিছে ৷ প্ৰায় ২৫ খন জনবসতিপূৰ্ণ গাঁৱৰে আৱৰি থকা ডিফু-দলদলীৰ ঝুম কন্ট্ৰ'ল পথৰ প্ৰায় ১০ কিল'মিটাৰ যোৰা পথৰ একেবাৰে জৰাজীৰ্ণ অৱস্থা ৷ কিন্তু দীৰ্ঘদিন ধৰি পথটোৰ মেৰামতি নকৰাত শনিবাৰে বৃহত্তৰ অঞ্চলৰ ৰাইজে শ্ৰমদানেৰ পথটো মেৰামতি কৰি যাতায়াতৰ বাবে সুচল কৰি তোলা পৰিলক্ষিত হৈছে ৷

উল্লেখ্য যে, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ ধনশিৰি পৰিষদীয় সমষ্টীৰ অন্তৰ্গত গড়কাপ্তানি পথটোৰ অধিকাংশই কেচা ৷ বাৰিষা কালত পথছোৱা বোকাময় হৈ পৰাৰ লগতে সৰু-বৰ গাঁতৰ সৃষ্টি হোৱাত যাতায়াতৰ বাবে জমৰ-যাতনা ভূগিবলগীয়া হৈছে ৰাইজে ৷ শনিবাৰে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত স্থানীয় এগৰাকী সমাজ কৰ্মীয়ে কয় যে, বিগত ৪০ বছৰৰো অধিক কাল এএছডিচি, কংগ্ৰেছ আৰু শেহতীয়াকৈ ৫ বছৰ কাল বিজেপিয়ে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদত শাসন কৰিছে যদিও ডিফু-দলদলীৰ ঝুম কন্ট্ৰ'ল পথটো আজি লৈকে মেৰামতি নহ'ল ৷

স্থানীয় জনপ্ৰতিনিধি তথা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ডিফুচাৰ ওচৰত পথছোৱা মেৰামতিৰ বাবে বহু আবেদন-নিবেদন কৰিও কোনো সুফল নাপালে বুলি অভিযোগ কৰে ৷ কাৰ্যবাহী সদস্য গৰাকীয়ে ৰাইজৰ সমস্যাক আওকান কৰাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷

সমান্তৰালকৈ, উক্ত পথছোৱা মেৰামতিৰ বাবে স্থানীয় ৰাইজে গড়কাপ্তানি বিভাগকো বাৰম্বাৰ আহ্বান জনোৱাৰ পিচতো পথছোৱা মেৰামতি ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়া বুলি অভিযোগ কৰে ৰাইজে ৷ অৱশেষত উপায়হীন হৈ ডিফু পৌৰ নিগমৰ ১৩ নং ৱাৰ্ড কমিচনাৰ ছিমন ফাংছক তৎকালীন বাবে কিবা এটা ব্যৱস্থা ল'বলৈ অনুৰোধ জনোৱাত ৱাৰ্ড কমিচনাৰ গৰাকীয়ে নিজা খৰছত মেৰামতিৰ ব্যৱস্থা কৰি দিয়ে ৷

সমাজকৰ্মী গৰাকীৰ এনে পদক্ষেপক সকলো ৰাইজে ধন্যবাদ জনাইছে ৷ অতি শীঘ্ৰে উক্ত পথটো সম্পূৰ্ণ মেৰামতি কৰি যাতায়াতৰ বাবে সুচল কৰি দিবলৈ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক আহ্বান জনাইছে ৰাইজে ৷

লগতে পঢ়ক-অসমত সন্তান জন্ম দি চৰ্চাত এগৰাকী কাৰাবন্দী ৰহিঙীয়া মহিলা

ABOUT THE AUTHOR

...view details