অসম

assam

Anti Drugs mission: ডিলাইত সন্দেহযুক্ত হেৰ'ইনসহ দুই সৰবৰাহকাৰীক আটক

By

Published : Jul 18, 2022, 1:59 PM IST

নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান(Anti Drugs mission) অব্যাহত ৰখাৰ সময়তে কাৰ্বি আংলং জিলাৰ ডিলাইত আৰক্ষীৰ অভিযানত সন্দেহযুক্ত হেৰ'ইনসহ আটক দুই সৰবৰাহকাৰীক(Two arrested with Suspected heroin at Dilai) ৷

two-arrested-with-suspected-heroin-at-dilai-in-karbi-anglong
ডিলাইত সন্দেহযুক্ত হেৰ'ইনসহ দুই সৰবৰাহকাৰীক আটক

ডিফু, ১৮ জুলাই: কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত ডিলাইত সোমবাৰে সন্দেহযুক্ত হেৰ'ইনসহ আৰক্ষীৰ জালত পৰিছে দুই সৰবৰাহকাৰী ৷ আৰক্ষীৰ সূত্ৰে প্ৰাপ্ত তথ্য অনুসৰি সোমবাৰে পুৱা এক গোপন সূত্ৰৰ পমখেদি ডিলাইৰ তিনি আলিত ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লুৎফুৰ ৰহমানৰ নেতৃত্বত আৰক্ষীৰ এটা দলে তালাচী চলায়(Anti Drugs mission) ৷

অভিযান কালত AS01 NC 3848 নম্বৰৰ DI বাহনত তালাচী চলাই অভিযানকাৰী দলটোৱে বাহনখনৰ দৰ্জাৰ পেনেলত লুকুৱাই থোৱা ১৬ টা চাবোনৰ বাকচৰ পৰা ২০৪ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়(Two arrested with Suspected heroin at Dilai) ৷

ডিলাইত সন্দেহযুক্ত হেৰ'ইনসহ দুই সৰবৰাহকাৰীক আটক

এই সন্দৰ্ভত আৰক্ষীয়ে মৰিগাঁও জিলাৰ ক্ৰমে মিকিৰভেটাৰ উত্তৰ শিলপুখুৰী গাঁৱৰ মৃত তামিজ উদ্দিনৰ পুত্ৰ ফৰিদুল ইছলাম (৩৫) আৰু মৈৰাবাৰী থানা এলেকাৰ লেঙেৰীবৰী সৰিয়হপামৰ মৃত আব্দুল কুদ্দুছৰ পুত্ৰ আজমিৰ আলী (২১) নামৰ দুই সৰবৰাহকাৰীক ইতিমধ্যে আটক কৰে ৷ উদ্ধাৰ হোৱা সন্দেহযুক্ত হেৰ'ইনখিনি বোকাজানৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ উপস্থিতিত জব্দ কৰা হয় ৷ ইফালে, আৰক্ষীয়ে জানিবলৈ দিয়া মতে, জব্দকৃত হেৰ'ইনখনিৰ মূল্য প্ৰায় 16 লাখ টকা ৷

লগতে পঢ়ক :Anti Dugs Mission in Guwahati: সিজুবাৰীত ড্ৰাগছসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details