অসম

assam

Flood in Dima Hasao: একঁকাল পানী এতিয়া উমৰাংচু লংকা ঘাইপথত

By

Published : Jun 17, 2022, 10:26 PM IST

নিপকো খাঁডং বান্ধৰ পানী এৰি দিয়াৰ ফলত একঁকাল পানী এতিয়া উমৰাংচু লংকা ঘাইপথত (Flood in Dima Hasao) ৷ ফলত লোক নিৰ্মাণ বিভাগে এই পথত যানবাহন চলাচল অনিদিষ্টকালৰ বাবে বন্ধ কৰি দিছে (PWD announces to close Umrangso Lanka Highway) ৷

PWD announces to close Umrangso Lanka Highway
একঁকাল পানী এতিয়া উমৰাংচু লংকা ঘাইপথত

ডিমা হাছাও, 17 জুন: বিগত কেবাদিনো ধৰি দিয়া বৰষুণৰ ফলত সমগ্ৰ ৰাজ্যত এতিয়া বানে সংহাৰী ৰূপ লৈছে (Flood in Assam) । বাদ পৰা নাই ডিমা হাছাও জিলাও (Flood in Dima Hasao) । পাহাৰীয়া জিলাখনৰ হাতীখালি লাংটিং এলেকাত বহু কেইখন গাঁও সম্প্ৰতি পানীৰ তলত (Flood situation remains critical in Dima Hasao) ৷ নেৰানেপেৰা বৰষুণৰ ফলত হাতীখালি এলেকাত ভূমিস্খলনো সংঘটিত হৈছে (Massive landslide in Dima Hasao) ।

ইপিনে নিপকো খাঁডং বান্ধৰ পানী এৰি দিয়াৰ ফলত উমৰাংচু লংকা ঘাইপথটো বানৰ কৱলত পৰিছে । দিয়ুংবৰাৰ পৰা দিয়ুংমুখ তিনিআলিলৈকে যোৱা ঘাইপথটো এতিয়া সম্পূৰ্ণৰূপে পানীৰ তলত (Flood washes out road connecting Umrangso Lanka Highway) ৷ ফলত লোক নিৰ্মাণ বিভাগে এই পথত যানবাহন চলাচল অনিদিষ্টকালৰ বাবে বন্ধ কৰি দিছে (PWD announces to close Umrangso Lanka Highway) ৷

একঁকাল পানী এতিয়া উমৰাংচু লংকা ঘাইপথত

ইপিনে নেৰানেপেৰা বৰষুণৰ বাবে ডিমা হাছাও জিলাৰ লাংটিং আৰু হাতীখালি অঞ্চলৰ বহু কেইখন গাঁও বানৰ কৱলত পৰাৰ ফলত বহুলোক গৃহহীন হৈ পৰিছে ৷ হাতীখালি অঞ্চলত গেং নম্বৰ 5 ত হোৱা ভূমিস্খলন ফলত উজ্জ্বল সেন নামৰ এগৰাকী ব্যক্তিৰ আৱাসগৃহটো ব্যাপক ক্ষতিগ্ৰস্থ হৈছে । ইয়াৰ উপৰি পাহাৰীয়া জিলাখনৰ বিভিন্ন স্থানত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বাট-পথসমূহ সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে ।

আনহাতে, শুকুৰবাৰে পুনৰ খুলি দিয়া হৈছে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ ৪ টাকৈ শ্লু’ইজ গেট (NEPCO release water from Karbi Langpi power project) ৷ যাৰ ফলত বৈঠালাংছ'ৰ লগতে নামনিৰ বৃহত্তৰ অঞ্চল যেনে, হোজাই, নগাঁও জিলাৰ কচুৱা, লংজাপ, কামপুৰ, ৰহা আদিত ঘৰ-বাৰী, খেতি-পথাৰ জলমগ্ন হোৱাৰ আশংকা কৰা হৈছে ৷

লগতে পঢ়ক:পুনৰ খুলি দিয়া হ’ল কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ চাৰিখন শ্লু’ইজ গেট

ABOUT THE AUTHOR

...view details