অসম

assam

কাৰ্বি আংলঙৰ খটখটীত ৫০ কেজি গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ

By

Published : Dec 15, 2020, 7:06 PM IST

কাৰ্বি আংলঙত বিলাসী বাহনত নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ কৰিবলৈ গৈ আৰক্ষীৰ হাতত আটক এগৰাকী লোক । অবৈধ নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ বাবে একাংশ চোৰাং সৰবৰাহকাৰীয়ে বাচি লৈছে বিলাসী গাড়ী । মঙলবাৰে কাৰ্বি আংলঙৰ খটখটীত ৫০ কেজি গাঞ্জ জব্দ কৰে আৰক্ষীয়ে ।

 One arrested with 50 kg of cannabis in Karbi Anglang
One arrested with 50 kg of cannabis in Karbi Anglang

ডিফু,১৫ ডিচেম্বৰঃ আৰক্ষীৰ কঠোৰ তালাচীৰ পৰিপ্ৰেক্ষিতত কাৰ্বি আংলঙৰ মাজেৰে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ তৎপৰতা কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে যদিও ইয়াৰ মাজতো ন ন কৌশলেৰে ড্ৰাগছ সৰবৰাহৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে অপৰাধী চক্ৰই ।

কাৰ্বি আংলঙৰ খটখটীত ৫০ কেজি গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ

মঙলবাৰে দুপৰীয়াৰ ভাগত জিলাখনৰ বোকাজান আৰক্ষীয়ে অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটীত অভিযান চলাই এখন বিলাসী বাহনৰ পৰা বুজন পৰিমাণৰ গাঞ্জা জব্দ কৰাৰ লগতে এই সন্দৰ্ভত এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

কাৰ্বি আংলঙৰ খটখটীত ৫০ কেজি গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ

আৰক্ষী সূত্ৰে লাভ কৰা তথ্য অনুসৰি,গোপন সূত্ৰৰ পম খেদি মঙলবাৰে বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত খটখটীৰ ভাৰতীয় ষ্টেট বেংকৰ সন্মুখত আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰে । উক্ত অভিযানত দিনৰ প্ৰায় ১০.৪৫ বজাত আৰক্ষীয়ে AS-01AR-9005 নম্বৰৰ বগা ৰঙৰ ইন’ভাখনৰ পৰা ৫০ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় । এই সন্দৰ্ভত আৰক্ষীয়ে গাঞ্জাখিনি সৰবৰাহ কৰাৰ অভিযোগত শিৱসাগৰ জিলাৰ শিৱসাগৰ দৰবাৰ ৰোডৰফিকুল হুছেইনক গ্ৰেপ্তাৰ কৰিছে । জব্দ হোৱা গাঞ্জাখিনি নাগালেণ্ডৰ পৰা শিৱসাগৰলৈ নি থকা হৈছিল বুলি জানিব পৰা গৈছে । জব্দ হোৱা গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় পাঁচ লাখ টকা বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

লগতে চাওকঃ মহানগৰীৰ চচলত কেব সেৱাৰ মালিক আৰু চালকৰ আমৰন-অনশন

ABOUT THE AUTHOR

...view details