অসম

assam

ৰঙিয়াত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

By

Published : Jun 6, 2020, 8:27 AM IST

শুক্ৰবাৰে ৰঙিয়াত সামাজিক দুৰত্ব বজাই ৰাখি ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ আহ্বানত শতাধিক লোকে পৰিৱেশ সংৰক্ষণৰ দাবী আৰু দিহিং পাটকাইত কয়লা খননকে ধৰি চৰকাৰৰ কেতবোৰ সিদ্ধান্তৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

protest  aginest save environment  satra mukti sangram somiti
পৰিবেশ সংৰক্ষণৰ দাবীৰে ৰঙিয়াত প্ৰতিবাদ

ৰঙিয়া, 6জুনঃ বিশ্ব পৰিবেশ দিৱসৰ দিনাই ৰঙিয়াৰ গান্ধী মণ্ডপৰ সন্মুখত কৃষিভূমি আৰু পৰিবেশ সংৰক্ষণৰ দাবীৰে সামাজিক দূৰত্ব বজাই ৰাখি ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে হাতে হাতে দাবী সম্বলিত বেনাৰ আৰু প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে। দিহিং পাটকাই বৰ্ষাৰণ্য আৰু ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ৰক্ষাৰ দাবীত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ । প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে দিহিং-পাটকাই বৰ্ষাৰণ্য, অভয়াৰণ্য আৰু সংৰক্ষিত বনাঞ্চলত কয়লাৰ মুক্ত খননৰ অনুমতি প্ৰত্যাহাৰ কৰা, দিহিং-পাটকাইৰ সংৰক্ষিত বনাঞ্চলৰ জৈৱ-বৈচিত্ৰ্য তথা পাৰিপাৰ্শ্বিকতা ৰক্ষা কৰা, প্ৰাকৃতিক সম্পদ লুণ্ঠনৰ বাবে দুষ্প্ৰাপ্য প্ৰাণীকুল, উদ্ভিদকুল আৰু পৰিৱেশ ধ্বংস কাৰ্য বন্ধ কৰা, প্ৰকৃতিৰ সৈতে সংঘাত পৰিহাৰ কৰি উন্নয়নৰ পথত খোজ দিয়া, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্রীয় উদ্যানত হাইড্ৰ-কাৰ্বন সন্ধানৰ বাবে প্ৰদান কৰা খননৰ অনুমতি প্ৰত্যাহাৰ কৰা, অসমৰ প্ৰাকৃতিক সম্পদ লুণ্ঠনৰ বাবে পাৰিপাৰ্শ্বিকতা ধ্বংস, প্ৰদূষণ বৃদ্ধি আৰু জনস্বার্থ জলাঞ্জলি দিয়াৰ নীতি প্ৰত্যাহাৰ কৰাৰ বাবে দাবী উত্থাপন কৰে ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে ৷

লগতে পঢকঃ

ABOUT THE AUTHOR

...view details