অসম

assam

ৰঙিয়াত চিকিৎসকৰ বিৰুদ্ধে থানাত গোচৰ

By

Published : Jul 11, 2021, 3:43 PM IST

জিন্টু কলিতা নামৰ এজন লোকে চিকিৎসক গৌৰাংগ মেধীৰ বিৰুদ্ধে থানাত তৰিলে গোচৰ ৷ উল্লেখযোগ্য যে, মাতৃৰ গৰ্ভতে নিজ সন্তানৰ মৃত্যুক লৈ চিকিৎসকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে জিন্টু কলিতাই ।

medical terrorism
ৰঙিয়াত চিকিৎসকৰ বিৰুদ্ধে থানাত গোচৰ

ৰঙিয়া, 11 জুলাই : ৰাজ্যত চিকিৎসক নিগ্ৰহৰ ঘটনা দিনক দিনে বৃদ্ধি পাই আহিছে ৷ তাৰ মাজতে এইবাৰ দেওবাৰে ৰঙিয়াত (RANGIA) চিকিৎসকৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰিছে ভুক্তভোগী পৰিয়ালে ৷ জিন্টু কলিতা নামৰ এজন লোকে চিকিৎসক (DOCTOR) গৌৰাংগ মেধীৰ বিৰুদ্ধে থানাত তৰিলে গোচৰ ৷ উল্লেখযোগ্য যে, মাতৃৰ গৰ্ভতে নিজ সন্তানৰ মৃত্যুক লৈ চিকিৎসকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে জিন্টু কলিতাই । প্ৰসূতি মহিলাক উপযুক্ত চিকিৎসা কৰাৰ বিপৰীতে ভূল চিকিৎসা কৰাৰ অভিযোগ ডাঃ গৌৰাংগ মেধীৰ বিৰুদ্ধে ।

অভিযোগ অনুসৰি, জিন্টু কলিতা (JINTU KALITA) নামৰ লোকজনৰ সন্তানসম্ভৱা পত্নীক বিষনাশক বেজী দিয়াৰ পাছতেই গৰ্ভত থকা সন্তানৰ মৃত্যু হয় । কোনো ধৰণৰ স্বাস্থ্য পৰীক্ষা নকৰাকৈ বেজী দিয়াৰ লগতে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ৰ (Rangiya Civil Hospital) চিকিৎসক ডাঃ গৌৰাংগ মেধীয়ে পলি ক্লিনিক নামৰ ব্যক্তিগত চিকিৎসালয়খনত মাতি ৰোগী তথা পৰিয়ালক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে । সম্প্ৰতি সমগ্ৰ ঘটনা সামৰি জিন্টু কলিতা নামৰ লোকজনে চিকিৎসক গৌৰাংগ মেধীৰ বিৰুদ্ধে এই অভিযোগ লৈ কাষ চাপিছে আৰক্ষীৰ ।

ৰঙিয়াত চিকিৎসকৰ বিৰুদ্ধে থানাত গোচৰ

ৰঙিয়া আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এজাহাৰ মৰ্মে ৰঙিয়া থানাত (RANGIA POLICE STATION) গোচৰ নং-709/21 ৰ u/s - 304 (A) IPC ত যোৱা ০৮ জুলাইত এক গোচৰ পঞ্জীয়ন কৰি আৰম্ভ কৰিছে তদন্ত ।

উল্লেখযোগ্য যে, বিগত জুন মাহত এগৰাকী ক’ভিড (Covid 19) আক্ৰান্ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই হোজাই জিলাৰ লংকাৰ ক’ভিড কেয়াৰ কেন্দ্ৰত সংঘটিত হৈছিল লংকাকাণ্ড । গিয়াছ উদ্দিন নামৰ এগৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি ক’ভিড কেয়াৰ কেন্দ্ৰটোত উপস্থিত হৈ চিকিৎসকৰ ওপৰত জঁপিয়াই পৰিছিল মৃত গিয়াছ উদ্দিনৰ আত্মীয় ।যিয়ে যেনেকৈ পাই কেৱল প্ৰহাৰ কৰিছিল কৰ্তব্যৰত চিকিৎসকজনক ।

ক’ভিড কেয়াৰ কেন্দ্ৰটোৰ ভিতৰৰ পৰা প্ৰহাৰ কৰি বাহিৰলৈ উলিয়াই আনি মাটিত পেলাই আক্ৰমণ কৰিছিল চিকিৎসকজনক । উন্মাদ দলটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল উদালী ক’ভিড কেয়াৰ কেন্দ্ৰৰ কৰ্তব্যৰত চিকিৎসক ডাঃ সেউজ সেনাপতি । এনেধৰণৰ ঘটনা ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ আহিছে কেতিয়াবা যদি চিকিৎসকক আক্ৰমণ আকৌ কেতিয়াবা চিকিৎসকৰ বিৰুদ্ধে ৰোগীৰ ভুল চিকিৎসাৰৰ বাবে মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়কঃ থলুৱা গামোচাৰ ব্যৱহাৰ: আৰম্ভ নহ’ল টীয়কৰ তাঁত বয়ন প্ৰকল্প

ABOUT THE AUTHOR

...view details