অসম

assam

Massive Erosion in Boko : বকোত গৰাখহনীয়া অঞ্চল পৰিদৰ্শন বিধায়িকা নন্দিতা দাসৰ

By

Published : Oct 17, 2022, 1:31 PM IST

দীৰ্ঘদিন ধৰি দক্ষিণ কামৰূপৰ বকোৰ সোণতলী পানীখাইটি অঞ্চলত অব্যাহত আছে খহনীয়া (Erosion in Boko)। খহনীয়াৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে অঞ্চলটোত । দেওবাৰে বকোৰ সোণতলী পানীখাইটি অঞ্চলৰ খহনীয়া পৰিদৰ্শন কৰে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে(Nandita das inspects erosion in Boko) । খহনীয়া ৰোধৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিব আশ্বাস প্ৰদান কৰে বিধায়িকাগৰাকীয়ে ।

Nandita das inspects erosion in Boko
Massive Erosion in Boko: গৰাখহনীয়া অঞ্চল পৰিদৰ্শন বিধায়িকা নন্দিতা দাসৰ

বকো, 17 অক্টোবৰ : ৰাজ্যত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ সমান্তৰালভাবে খহনীয়াই লৈছে ভয়াৱহ ৰূপ (River erosion at Boko) । ফলত অভাৱনীয় সমস্যাৰ মুখামুখি হৈছে নৈপৰীয়া ৰাইজ ৷ চলিত বাৰিষাতো বানৰ লগতে খহনীয়াই ৰাজ্যত বিস্তৰ ক্ষতিসাধন সধা পৰিলক্ষিত হৈছে । বিশেষকৈ বহুকেইখন নৈৰ ব্যাপক খহনীয়াৰ ফলত কৃষিভূমিৰ লগতে উছন গৈছে বিস্তৃত পথাৰ (Massive Erosion uprooted agricultural land) ৷

দক্ষিণ কামৰূপৰ বকোৰ সোণতলী পানীখাইটি অঞ্চলতো ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই ধাৰণ কৰিছে তীব্ৰ ৰূপ (Massive Erosion in Boko)। যোৱা কিছুদিন ধৰি নৈপৰীয়া অঞ্চলখনত অব্যাহত থকা এই তীব্ৰ খহনীয়াই নৈপৰীয়া ৰাইজৰ নিদ্ৰাহৰণ কৰিছে । ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰি ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে শ শ বিঘা কৃষি ভূমিকে ধৰি বহু পৰিয়ালৰ ভেটি-মাটি ৷ ইয়াৰ উপৰিও নাবাৰ্ডৰ কোটি টকীয়া আঁচনি এটাও ইতিমধ্যে খহনীয়াৰ কবলত পৰিছে ।

সমষ্টিবাসীৰ এনে দুৰ্যোগময় পৰিস্থিতিত দেওবাৰে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে খহনীয়াগ্ৰস্ত এলেকা পৰিদৰ্শন কৰি নৈপৰীয়া খহনীয়াগ্ৰস্ত লোকৰ পৰিস্থিতিৰ বুজ লয় । বকোৰ সোণতলী পানীখাইটিৰ খহনীয়াগ্ৰস্ত এলেকা পৰিদৰ্শন কৰি বিধায়িকাগৰাকীয়ে অচিৰেই গৰাখহনীয়াগ্ৰস্থ এলেকা গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে । লগতে কাষৰীয়া অঞ্চলটোক খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ স্থায়ী প্ৰতিৰোধক ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ বিভাগীয় অভিযন্তাক নিৰ্দেশ প্ৰদান কৰে ।

বকোত গৰাখহনীয়া অঞ্চল পৰিদৰ্শন বিধায়িকা নন্দিতা দাসৰ

বিধায়িকাগৰাকীয়ে স্থানীয় ৰাইজৰ সৈতেও আলাপ-আলোচনা কৰি স্থায়ী প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ চৰকাৰ আৰু জলসম্পদ বিভাগৰ তৰফৰ পৰা এই খহনীয়া প্ৰতিৰোধৰ বাবে সকলো ধৰণৰ চিন্তা আৰু প্ৰচেষ্টা হাতত লোৱা হৈছে বুলি উল্লেখ কৰে বিধায়িকাগৰাকীয়ে(Prevention of floods and erosion) । তথাপিও নদীৰ সৈতে যুদ্ধ কৰাতো ইমান সহজ নহয় বুলিও মন্তব্য প্ৰকাশ কৰে বিধায়িকাগৰাকীয়ে ।

ইতিমধ্যে বিভাগৰ অস্থায়ী প্ৰতিৰোধ ব্যৱস্থাৰে অঞ্চলটোত খহনীয়া ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি পৰিদৰ্শনকালত বিধায়িকাগৰাকীয়ে উল্লেখ কৰে । উল্লেখ্য যে, এই পৰিদৰ্শনকালত জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকি গৰাখনীয়া প্ৰতিৰোধৰ আশ্বাস প্ৰদান কৰে ভুক্তভোগী ৰাইজক ।

লগতে পঢ়ক:Manish Sisodia : গ্ৰেপ্তাৰ হ’ব নেকি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া ?

ABOUT THE AUTHOR

...view details