অসম

assam

Himanshu Prasad Das new song: কিয় খং উঠিছে নাট্যকাৰ হিমাংশু প্ৰসাদ দাসৰ ?

By

Published : Jul 27, 2023, 5:43 PM IST

সামাজিক মাধ্যমত চৰ্চাত নাট্যকাৰ হিমাংশু প্ৰসাদ দাসৰ এটি গীত। "চামুচেৰে দি বেলচা মাৰি নিয়া" গীতটি প্ৰতিবাদৰ যেন এটা অংশ হৈ পৰিছে সামাজিক মাধ্যমত । গীতটিৰ সন্দৰ্ভত কি ক’লে হিমাংশু প্ৰসাদ দাসে চাও আহক ।

Why Himanshu Prasad Das's new song is being discussed on social media
সামাজিক মাধ্যমত চৰ্চাত নাট্যকাৰ হিমাংশু প্ৰসাদ দাসৰ এটি গীত

সামাজিক মাধ্যমত চৰ্চাত নাট্যকাৰ হিমাংশু প্ৰসাদ দাসৰ এটি গীত

চিটাৰা ডেস্ক, 27 জুলাই: নাট্যকাৰ হিমাংশু প্ৰসাদ দাসৰ এটি গীত "চামুচেৰে দি বেলচা মাৰি নিয়া"। গীতটি মুক্তিৰ পিচত এতিয়া সামাজিক মাধ্যমত গীতটিক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । বিৰোধীৰ পৰা আৰম্ভ কৰি সাধাৰণ জনতাই এতিয়া গীতটিৰ এটি ছন্দ উপমা হিচাপে ব্যৱহাৰ কৰা দেখা পোৱা গৈছে।

গীতটোৰ সন্দৰ্ভত হিমাংশু প্ৰসাদ দাসে মন্তব্য কৰি কয়- গানটো মুক্তি দিয়াৰ পিচত আৰু সেইটো মোৰ গান হৈ থকা নাই। সেইটো এতিয়া ৰাইজৰ গান। ৰাইজে সেই গানটো বিভিন্ন ধৰণে ল’ব পাৰে। সেই একেটা গানেই সকলো বিভিন্ন ধৰণে বজাব পাৰে । কোনোবাই বিয়াত বজাত পাৰে, কোনোবাই শ্ৰাদ্ধত বজাব পাৰে, পিকনিকতো বজাব পাৰে । আনহাতে কোনো ৰাজনৈতিক দলেও বজাব পাৰে। তাত মই গৈ কিয় আপোনালোকে গানটো বজাইছে বা আপোনালোকৰ এনেকুৱা পৰিস্থিতিত গান বজোৱাৰ অধিকাৰ নাই বুলি, মোৰ কোৱাৰ কোনো অধিকাৰ নাই। গানটো মুক্তি দিয়াৰ আগমুহুৰ্তলৈ মোৰ বা মোৰ দৃষ্টিত ভংগীৰে নিৰ্মিত এটা গান । কিন্তু মুক্তি দিয়াৰ পিছত এতিয়া সেইটো মোৰ গান হৈ থকা নাই ৷

হিমাংশু প্ৰসাদ দাসৰ মনলৈ কেনেকৈ আহিছিল এই গীতটিৰ কথা ?

এই সন্দৰ্ভত হিমাংশু দাসে কয়- গানটোত লিখা কথাখিনি মই লিখা কথা নহয়। সদায় শুনি থকা কথাৰ ওপৰত লিখা এটা গান ।

তেওঁ চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈছে নেকি বা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে নেকি বুলি সোধা প্ৰশ্নৰ মন্তব্য প্ৰকাশ কৰি কয়- "মই হাতত বন্দুক লৈ, বোমা বাৰুদ লৈ চৰকাৰৰ বিৰুদ্ধে কোনো প্ৰতিবাদ নাই কৰা । এখন দেশৰ নাগৰিক হিচাপে গানটোত মন্তব্য ৰখা হৈছে। গানটোত লিখা কথাখিনি মই বন্ধ কোঠা বহু ভাবি চিন্তা কৰি লিখা নাই ৷ মানুহে কোৱা কথা অথবা সদায় শুনি থকা কথাৰ ওপৰত লিখা এটা হৈছে এই গানটো । ‘চামুচেৰে দি বেলচা মাৰি নিয়া’ এই বাক্য কেইটা বিভিন্ন ব্যক্তিয়ে উপমা হিচাপে ব্যৱহাৰ কৰি আছে বা বিৰোধী ৰাজনৈতিক দল সমূহৰ কোনো নেতাই মন্তব্য প্ৰদানত ব্যৱহাৰ কৰিছে। কিন্তু এই বাক্য কেইটা মোৰ নহয়, এই বাক্য কেইটা মানুহৰ মুখতেই শুনি অহা বাক্য । কেৱল তাক সজাই পৰাই গান আকাৰে লৈ যোৱাৰ দায়িত্ব হে পালন কৰিছো । কিন্তু গানটো মোৰ নহয় ৰাইজৰহে ।"

লগতে পঢ়ক:Deeplina Deka : কণ্ঠশিল্পী দীপলিনা ডেকাৰ অনুৰাগীৰ বাবে এটা ভাল খবৰ

ABOUT THE AUTHOR

...view details