অসম

assam

লকআপত হঠাৎ অসুস্থ ভিক্টৰ দাস

By

Published : Sep 16, 2022, 12:38 PM IST

লকআপতে হঠাৎ অসুস্থ ভিক্টৰ দাস (Victor Das suddenly sick in lockup) ৷ শুকুৰবাৰে নিশাৰ পৰাই জ্বৰ আৰু প্ৰচণ্ড মূৰৰ বিষত হঠাৎ অসুস্থ হৈ পৰিছে ভিক্টৰ দাস । সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে ভিক্টৰৰ পৰিয়ালে ৷

Victor Das suddenly sick in lockup
লকআপত হঠাৎ অসুস্থ ভিক্টৰ দাস

গুৱাহাটী, 16 ছেপ্টেম্বৰ :পাণবজাৰ থানাৰ লকআপতে হঠাৎ অসুস্থ ভিক্টৰ দাস (Victor Das suddenly sick in lockup)। বৃহস্পতিবাৰে নিশা প্ৰায় 10 বজাৰ পৰা অসুস্থ হৈ পৰে ভিক্টৰ ৷ জানিব পৰা মতে, জ্বৰ আৰু প্ৰচণ্ড মূৰৰ বিষত হঠাৎ অসুস্থ হৈ পৰিছে ভিক্টৰ দাস । ইফালে পুৱাৰ ভাগত মাতৃকো সাক্ষাৎ কৰিব দিয়া নাছিল ভিক্টৰৰ সৈতে ।

ইফালে আজি অৰ্থাৎ বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালত ভিক্টৰ দাসৰৰ জামিনৰ বাবে আবেদন দাখিল কৰিছিল ভিক্টৰৰ অধিবক্তাই ৷ অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়েজামিন মঞ্জুৰ কৰিলে ভিক্টৰ দাসৰ (Guwahati High Court grant bail to Victor Das) ৷ 29 ছেপ্টেম্বৰলৈ এই অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ ভিক্টৰৰ ৷

লকআপত হঠাৎ অসুস্থ ভিক্টৰ দাস

ভিক্টৰৰ অধিবক্তা অংশুমান বৰাই সদৰী কৰে এই কথা ৷

উল্লেখ্য যে, ভিক্টৰ দাসে তৃতীয় চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেন হোৱা বুলি টুইটাৰত অভিযোগ উত্থাপন কৰিছিল (Victor Das complaint) । প্ৰতিটো পদৰ বাবে 3 লাখ টকাৰ পৰা 8 লাখ টকালৈ ধনৰ লেনদেন চলিছে আৰু চাকৰি কিনা বেচা প্ৰক্ৰিয়াৰ আৰত প্ৰাক্তন বিধায়ক থকা বুলিও অভিযোগ কৰে ভিক্টৰে ।

লগতে পঢ়ক :ভিক্টৰ দাসৰ ঘৰত অভিযান চলাই লেপটপ জব্দ কৰিলে আৰক্ষীয়ে

মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান, বিশেষ সঞ্চালক প্ৰধানক উদ্দেশ্যি ভিক্টৰ দাসে টুইট কৰিছিল (Victor Das tweet)। এই টুইটক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়া হয় । তাৰ পাচতেই 9 ছেপ্টেম্বৰত ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰাৰ অন্তত 7 দিনৰ বাবে পাণবজাৰ আৰক্ষীয়ে নিজৰ জিন্মাত লয় ।

ইফালে ভিক্টৰ দাসক গ্ৰেপ্তাৰৰ পাচতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ দুৰ্নীতিৰ অভিযোগ তোলা ভিক্টৰক গ্ৰেপ্তাৰ কৰা কাৰ্যক গৰিহণা দিছে বিৰোধী দলসমূহে ৷ এয়া চৰকাৰৰ স্বৈৰাচাৰিতা বুলি উল্লেখ কৰিছে কেইবাজনো বিৰোধী নেতাই ৷ আৰক্ষীয়ে সোধা-পোচাৰ বাবে ভিক্টৰৰ চাৰিগৰাকী ছাত্ৰ-ছাত্ৰীকো তলৱ কৰিছিল যদিও সোধা-পোচা কৰি তেওঁলোকক যাবলৈ দিয়া হয় ৷

আনহাতে শাসকীয় পক্ষৰ মন্ত্ৰী-বিধায়কে ভিক্টৰক কোনো কাৰণতে ক্ষমাৰ অযোগ্য প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে ৷ মুখ্যমন্ত্ৰীয়ে এই কাৰ্যক জেমচ বণ্ডৰ চিনেমা বুলি উল্লেখ কৰাৰ বিপৰীতে মন্ত্ৰী পীযুষ হাজৰিকায়ো এয়া সম্পূৰ্ণ ভিত্তিহীন বুলি উল্লেখ কৰে ৷

ইফালে ভিক্টৰৰ বিৰোধিতা কৰিবলৈ গৈ সংবাদ মাধ্যমক বাতৰি পৰিৱেশনৰ পাঠ পঢ়োৱাও দেখা গ’ল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ৷ জিম্মাৰ ম্যাদ শেষ হোৱাৰ পাচতহে জানিব পৰা হ’ব ভিক্টৰৰ বিৰুদ্ধে চৰকাৰ তথা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে ৷

লগতে পঢ়ক :ভিক্টৰ দাস ৰাজনীতিৰ মেৰপেচত সোমোৱাৰ আশংকা মাতৃৰ

ABOUT THE AUTHOR

...view details