অসম

assam

আৱকাৰী অধীক্ষক জীৱন ফুকনক 5 বছৰ সশ্ৰম কাৰাদণ্ড

By

Published : May 24, 2019, 9:13 PM IST

পাঁচ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে 25 হাজাৰ টকা জৰিমণা বিহা হয় জীৱন ফুকনক ৷ আৰক্ষীৰ দূৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰি ৰুজু কৰা 18/2017 নম্বৰ গোচৰটোত আদালতে প্ৰদান কৰে এই ৰায়দান ৷

জীৱন ফুকনক 5 বছৰ সশ্ৰম কাৰাদণ্ড

জীৱন ফুকনক 5 বছৰ সশ্ৰম কাৰাদণ্ড

গুৱাহাটী, 24 মে': জীৱন ফুকনক 5 বছৰৰ বাবে সশ্ৰম কাৰাদণ্ড ৷ গুৱাহাটীস্থিত বিশেষ আদালতে দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত 12 (1) ধাৰাত এই শাস্তি প্ৰদান কৰে উৎকোচ লোৱাত গ্ৰেপ্তাৰ হোৱা আৱকাৰী অধীক্ষক গৰাকীক ৷ পাঁচ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে 25 হাজাৰ টকা জৰিমণা বিহা হয় জীৱন ফুকনক ৷ আৰক্ষীৰ দূৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰি ৰুজু কৰা 18/2017 নম্বৰ গোচৰটোত আদালতে প্ৰদান কৰে এই ৰায়দান ৷ গোচৰটোত চৰকাৰী পক্ষৰ হৈ ওকালতি কৰিছিল নৱস্মিতা গগৈয়ে । জৰিমনাৰ ধন আদায় নিদিলে প্ৰতিটো ধাৰাতে ছয় মাহকৈ মুঠ দুটা ধাৰাত এবছৰলৈ কাৰাবাস বৃদ্ধি হ'ব বুলিও ৰায়দানত উল্লেখ কৰে বিশেষ আদালতে ৷ উল্লেখ্য যে, 2017 চনত গোলাঘাটৰ এখন সুৰা বিপনীৰ স্বত্বাধিকাৰীৰ পৰা 30 হাজাৰ টকা উৎকোচ লঁও‌তে হাতেলোটে ধৰা পৰিছিল গোলাঘাটৰ আৱকাৰী অধীক্ষক জীৱন ফুকন ৷

জীৱন ফুকনক ৫বছৰৰ বাবে সশ্ৰম কাৰাদণ্ড

২০১৭চনত ঘোচ লঁওতে গ্ৰেপ্তাৰ হোৱা গোলাঘাটৰ আৱকাৰী অধিক্ষক জীৱন ফুকনক, ৫বছৰৰ বাবে সশ্ৰম কাৰাদণ্ড দিছে। গুৱাহাটীস্থ বিশেষ আদালতে দুৰ্নীতি প্ৰতিৰোধ আইনৰ ১২(১,ক)ধাৰাৰ অধিনত এই শাস্তি প্ৰদান কৰে । লগতে ২৫হেজাৰ টকাও জৰিমনা বিহে। ইয়াৰোপৰি ধাৰা ৭ৰ অধিনত ৪বছৰ জেইল আৰু ২৫হেজাৰ টকা জৰিমনা বিহিছে। সেয়ে তেওঁ ৫বছৰ কাৰাবাস খতাৰ লগতে পঞ্চাশ হেজাৰ টকা জৰিযনা দিব লাগিব। উল্লেখ্য যে ২০১৭চনত গোলাঘাটৰ এখন সুৰ বাৰৰ মালিকৰ পৰা ৩০হেজাৰ টকা ঘোছ লঁও‌তে জীৱন ফুকন হাটেলোটে ধৰা পৰিছিল। আৰক্ষীৰ দূৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰি ৰুজু কৰা ১৮/২০১৭নম্বৰ গোচৰটোত আদালতে এই ৰাই প্ৰদান কৰে। গোচৰটোত চৰকাৰী পক্ষৰ হৈ নৱস্মিতা গগৈয়ে ওকালতি কৰিছিল।
জৰিমনাৰ ধন আদায় নিদিলে প্ৰতিটো ধাৰাতে চমাহকৈ মুঠ দুটা ধাৰাত এবছৰলৈ কাৰাবাস বৃদ্ধি হব বুলিও আদালতে ৰায়টোত উল্লেখ কৰিছে।


Slug:
a_ghy_802_24may_jiban_phukan_vis_7201051

Feed : ftp
Script : mail

ABOUT THE AUTHOR

...view details