অসম

assam

ন-ৰূপত জয়ন্ত হাজৰিকা উদ্যান

By

Published : Sep 4, 2019, 10:40 PM IST

ই টিভি ভাৰতত বাতৰি প্ৰকাশৰ পাছতেই জয়ন্ত হাজৰিকা উদ্যানৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ল ৷ জয়ন্ত হাজৰিকা সুৰ বাহিনীক উদ্যান খনৰ দায়িত্ব অৰ্পণ কৰিবৰ বাবে পত্নী মনীষা হাজৰিকাৰ আবেদন ৷

ন-ৰূপত জয়ন্ত হাজৰিকা উদ্যান

গুৱাহাটী,4চেপ্তেম্বৰঃ ই টিভি ভাৰতৰ বাতৰি প্ৰভাৱ ৷ মহানগৰীৰ চান্দমাৰীত অৱস্থিত জয়ন্ত হাজৰিকা উদ্যানখনৰ দায়িত্বত থকা GMD ৰ অৱহেলাৰ কথা ই টিভি ভাৰতত প্ৰকাশ হোৱাৰ পাছতে ব্যৱস্থা গ্ৰহণ কৰা হয় উদ্যানখনৰ ৷ পূৰ্বতে ঘাঁহ বন , জাৱৰ আৰু বিজ্ঞাপনেৰে আৱৰি থকা উদ্যানখনৰ এতিয়াৰ পৰিবেশ পৃথক ৷ সকলো বিজ্ঞাপন আৰু লতা গছৰ ডাল জাৱৰ আঁতৰাই পৰিষ্কাৰ কৰি তোলা হৈছে জয়ন্ত হাজৰিকা উদ্যান খন ৷ উল্লেখ্য যে, জয়ন্ত হাজৰিকা উদ্যান খনৰ দায়িত্ব জয়ন্ত হাজৰিকা সুৰ বাহিনীক অৰ্পণ কৰিবৰ বাবে তেখেতৰ পত্নী মনীষা হাজৰিকাই আবেদন কৰিছে । কাৰণ মনীষা হাজৰিকাৰ বিশ্বাস তেখেতৰ অনুপস্থিত জয়ন্ত হাজৰিকাক সন্মান সহকাৰে জীয়াই ৰাখিব জয়ন্ত হাজৰিকাক ভাল পোৱা মানুহে, চৰকাৰে নহয় ।

ABOUT THE AUTHOR

...view details