অসম

assam

One Nation One Election:এক দেশ এক নিৰ্বাচনে আঞ্চলিক দল ধ্বংস কৰিব :অখিল গগৈ

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 8:59 PM IST

এক দেশ এক নিৰ্বাচনক লৈ প্ৰতিক্ৰিয়া অব্য়াহত । ইয়াৰ বিৰোধীতা কৰিছে ৰাইজৰ দলে । এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে ।

One Nation One Election Row
এক দেশ এক নিৰ্বাচনক লৈ প্ৰতিক্ৰিয়া

এক দেশ এক নিৰ্বাচনক লৈ প্ৰতিক্ৰিয়া

গুৱাহাটী, ৬ ছেপ্টেম্বৰ: "এক দেশ এক নিৰ্বাচন"ৰ বিৰোধিতা কৰিছে ৰাইজৰ দলে । বুধবাৰে গুৱাহাটীত এখন সংবাদমেল যোগে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কয়," সকলো নাগৰিকে এই ব্যবস্থাৰ বিৰোধিতা কৰা উচিত । কিয়নো বিজেপি চৰকাৰৰ এই নীতি সংবিধানৰ প্ৰতি প্ৰত্যাহ্বান,গণতন্ত্ৰৰ প্ৰতি চৰম প্ৰত্যাহ্বান । আৰু যুক্ত ৰাষ্ট্ৰীয়তাবাদৰ বিৰোধী এয়া ।" এনে হ'লে অসমৰ সমস্যাই আৰু গুৰুত্ব নাপায়,বৰং সৰ্বভাৰতীয় দাবীসমূহহে গুৰুত্ব পাব বুলি ব্যক্ত কৰে অখিল গগৈয়ে ।

তেওঁ লগতে কয়,"দক্ষিণ ভাৰত আৰু উত্তৰ পূৱক বেছিকৈ ক্ষতি কৰিব এক দেশ এক নিৰ্বাচনে । তদুপৰি আঞ্চলিক দলক বিলোপ কৰিব । বহু দলীয় ব্যবস্থা বিলুপ্তি হ'ব । একনায়কত্ববাদী ৰাষ্ট্ৰ হৈ পৰিব আমাৰ দেশ ।" ইয়াৰ বিৰোধিতাৰে কাইলৈৰ পৰা "এক দেশ এক নিৰ্বাচন"ৰ বিৰুদ্ধে ৰাইজৰ দলে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি তেওঁ কয় ।

ইপিনে,ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে India আৰু ভাৰত প্ৰসংগতো মন্তব্য় কৰে । বিমুদ্ৰাকৰণৰ দৰে পুনৰ ৰাজনৈতিক চমক সৃষ্টি কৰি মোদী চৰকাৰে দেশৰ India নামটো বিলুপ্তি ঘটাই সেই স্থানত ভাৰত কৰিব বিচৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়ক অখিল গগৈয়ে ।তেওঁ কয়,"আলেকজেণ্ডাৰৰ দিনৰ পৰাই India শব্দটো ব্যৱহাৰ হৈ আছে । ইংৰাজে দিয়া শব্দ নহয় এইটো । আমাৰ দেশত দুয়োটা শব্দই যিহেতু আছে তেনেহ'লে তেওঁলোকে ক'ত পাৰ্থক্য় দেখিছে । India নামৰ বিলুপ্তি হৈ ভাৰত হ'লে মূদ্ৰাৰ পৰা সকলো কাৰ্যালয়ৰ নাম সলনি হ'ব । নথি-পত্ৰৰ নাম সলনি হ'ব । বিমুদ্ৰাকৰণৰ দৰে আকৌ যদি এনেকৈ নাম সলনি কৰে তেতিয়াহ'লে আকৌ বৃহৎ টকা নাম সলনিৰ নামতে যাবগৈ । এনে পৰিস্থিতিত ভাৰতত ভয়ংকৰ অৰ্থনৈতিক সংকটৰ সৃষ্টি হ'ব বুলি তেওঁ মন্তব্য় কৰে ।

লগতে পঢ়ক:INDIA Row: INDIA বুলি কোৱাৰ পূৰ্বে ‘ভাৰত’ বুলি কম, ইয়াত বিতৰ্ক নাই; হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details