অসম

assam

একেদিনাই এহেজাৰ দর্শনীৰে মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি গৰুৱে

By

Published : Nov 26, 2019, 5:59 PM IST

অহা 2020 চনৰ জানুৱাৰী মাহৰ 24 তাৰিখে মুক্তি লাভৰ বাবে সাজু হৈছে অসমীয়া ছবি গৰু ৷ অসমৰ প্ৰায় 350 টা বিভিন্ন স্থানৰ লগতে ভাৰতবৰ্ষৰ বহু ছবিগৃহত মুকলি হব গৰু ছবিখন ৷

new assamese goru
নতুন অসমীয়া ছবি গৰু

গুৱাহাটী,26 নৱেম্বৰঃকাঞ্চনজংঘা, ৰত্নাকৰৰ পিছত আহি আছে এখন নতুন অসমীয়া ছবি গৰু ৷ 2020 চনৰ জানুৱাৰীত মুক্তি পাব লগা ছবিখন অসমৰ প্ৰায় 350 টা বিভিন্ন স্থানৰ লগতে মুকলি হ'ব ভাৰতবৰ্ষৰ বহু ছবি গৃহত ৷ ক্ৰেয়ন ট্ৰি প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত ছবিখন পৰিচালনা কৰিছে হিমাংশু প্ৰসাদ দাস আৰু প্ৰযোজনা কৰিছে গীতা পাঠকে ৷ ছবিখনত অভিনয় কৰিছে জেষ্ঠ অভিনেতা বাহাৰুল ইছলাম , পাকিজা বেগম, প্ৰাঞ্জল শইকীয়া,কমল লোচন , চন্দন দাস আদিকে ধৰি বহু কেইজন কলা কুশলীয়ে ।

নতুন অসমীয়া ছবি গৰু

ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰিছে হিমাংশু প্ৰসাদ দাস , উদয় ভাস্কৰ পাটৰ আৰু ছাহজাহানে । ছবি খনত কণ্ঠ নিগৰাইছে অংগৰাগ পাপন মহন্ত, দীক্ষু , নীল আকাশে আৰু আৱহ সংগীত অৰূপজ্যোতি বৰুৱাৰ । ছবিখনৰ চিত্ৰগ্ৰহণ প্ৰয়াস শৰ্মা তামুলীৰ আৰু ছবি খনৰ গীতসমূহ ৰচনা কৰিছে পৰিচালক হিমাংশু প্ৰসাদ দাস, ৰাহুল গৌতম শৰ্মা আৰু ডানিচ আহমেদে ৷ ছবিখনৰ পৰিচালক হিমাংশু প্ৰসাদ দাসে ছবি খনৰ লগত বহু আশা জড়িত থকা বুলি অৱগত কৰে। চাকিৰা আহিব বকুল তলৰ বিহুলৈ ছবিখনৰ পিছত দ্বিতীয় খন অসমীয়া ছবি গৰুক লৈ অত্যন্ত আশাবাদী হিমাংশু প্ৰসাদ দাস। ইফালে অভিনেতা বাহাৰুল ইছলামে ছবিৰ পৰিচালক হিমাংশু প্ৰসাদ দাসক প্ৰশংসা কৰাৰ লগতে ছবিখন কোনো বহিৰাগত ছবিৰ অনুকৰণ কৰা নহয় বুলি জানিবলৈ দিয়ে ।

ABOUT THE AUTHOR

...view details