অসম

assam

Demand to repeal AFSPA: গুৱাহাটীত নেছোৰ প্ৰতিবাদী কাৰ্যসূচী

By

Published : Dec 9, 2021, 5:56 PM IST

সামৰিক বাহিনী বিশেষ ক্ষমতা আইন (Armed Forces Special Power Act) প্ৰত্যাহাৰ কৰাৰ দাবী এতিয়া উত্থাপিত হৈছে সমগ্ৰ উত্তৰ-পূৱ ভাৰতত ৷ এনে সময়তে বৃহস্পতিবাৰে গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত নেছোই( North East Students Organisation ) প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ সবিশেষ জানো আহক ৷

NESO protests demanding repeal of AFSPA
Demand to repeal AFSPA: গুৱাহাটীত নেছোৰ প্ৰতিবাদী কাৰ্যসূচী

গুৱাহাটী, 12 ডিচেম্বৰ : সামৰিক বাহিনী বিশেষ ক্ষমতা আইন (Armed Forces Special Power Act) প্ৰত্যাহাৰ কৰাৰ দাবীৰে বৃহস্পতিবাৰে গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত নেছোয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে(NESO demands repeal of AFSPA)। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নাগালেণ্ড, ত্ৰিপুৰা, মেঘালয় আৰু মণিপুৰৰ পৰা নেছ'ৰ নেতা সদস্যসকলে দীঘলীপুখুৰী পাৰত মিলিত হৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় চৰকাৰ হায় হায়, আফস্পা প্ৰত্যাহাৰ কৰক, নাগালেণ্ডৰ নৃশংস হত্যাকাণ্ডৰ দোষীক শাস্তি প্ৰদান কৰক ধ্বনি দি প্ৰতিবাদস্থলি উত্তাল কৰি তোলে । নেছোয়ে উত্তৰ-পূৰ্বাঞ্চল জুৰি ৰূপায়ন কৰা দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত জাপি দিয়া ক'লা আইনখনক সজোৰে বিৰোধিতা কৰে(NESO protests against ambush on civilians in Nagaland) ।

Demand to repeal AFSPA: গুৱাহাটীত নেছোৰ প্ৰতিবাদী কাৰ্যসূচী

অসমকে ধৰি নাগালেণ্ড, মণিপুৰ, মেঘালয়, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু মিজোৰামত নেছ'ৰ উদ্যোগত ৰূপায়িত হয় আফস্পা বিৰোধী প্ৰতিবাদ। নেছ'ৰ উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্য(AASU chief Samujjal Bhattacharjya)ই সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (আফস্পা) প্ৰত্যাহাৰ আৰু নাগালেণ্ডৰ নৃশংস হত্যাকাণ্ডৰ দোষীক শাস্তি প্ৰদান কৰাৰ দাবী জনাই বক্তব্য প্ৰদান কৰে ।

ইপিনে, নেছ'ৰ সদস্য তথা Eastern Naga Student Federation সদস্য ইয়ুৱাং কণ্যাই (yuwang konyak) সামৰিক বাহিনী বিশেষ ক্ষমতা আইন (আফস্পা) প্ৰত্যাহাৰ আৰু নাগালেণ্ডৰ নৃশংস হত্যাকাণ্ডৰ দোষীক শাস্তি প্ৰদান কৰাৰ বাবে ভাৰত চৰকাৰক দাবী জনায় । পুনৰ আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা(AASU GS Shankar Jyoti Barua)ই উত্তৰ পূৰ্বাঞ্চলৰ পৰা ক'লা আইন সামৰিক বাহিনী বিশেষ ক্ষমতা আইন (আফস্পা) প্ৰত্যাহাৰ আৰু নাগালেণ্ডৰ নৃশংস হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবী উত্থাপন কৰে ।

লগতে পঢ়ক :Protesting farmers set to leave: সিংঘু প্ৰতিবাদস্থলী এৰি যোৱাৰ বাবে সাজু প্ৰতিবাদকাৰী কৃষক

ABOUT THE AUTHOR

...view details