অসম

assam

Amrit Kalash yatra controversy: ভূপেন বৰাৰ আলঝাইমাৰ হৈছে, তেওঁ ভালদৰে চিকিৎসা কৰাওক; দিগন্ত কলিতা

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 5:28 PM IST

কংগ্ৰেছত আৰম্ভ হোৱা বিসম্বাদ আজিৰ নহয়, পূৰ্বৰ পৰাই আছে বুলি মন্তব্য বিধায়ক দিগন্ত কলিতাৰ ৷ কংগ্ৰেছৰ নেতাই ৰাজীৱ ভৱনত বহি মুখ্যমন্ত্ৰী, কেবিনেট মন্ত্ৰী হোৱাৰ সপোন দেখি থাকে বুলিও প্ৰদেশ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে বিজেপিৰ বিধায়কজনে ৷

Amrit Kalash yatra controversy
প্ৰদেশ কংগ্ৰেছক তীব্ৰ সমালোচনা বিধায়ক দিগন্ত কলিতাৰ

ভূপেন বৰাক কটাক্ষ বিধায়ক দিগন্ত কলিতাৰ

গুৱাহাটী, ৯ অক্টোবৰ :অমৃত কলহ যাত্ৰা কাৰ্যসূচীক কেন্দ্ৰ কৰি এতিয়া চাবলগীয়া হৈছে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিভিন্ন সময়ত চৰকাৰক সমালোচনা কৰি থকাৰ সময়তে এইবাৰ তেওঁক উভতি ধৰিছে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই ৷

দিগন্ত কলিতাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সমালোচনা কৰি কয় যে কংগ্ৰেছত আৰম্ভ হোৱা বিসম্বাদ আজিৰ নহয়, পূৰ্বৰ পৰাই আছে ৷ আমি থাকোতেও কংগ্ৰেছত বিসম্বাদ আছিল ৷ ভূপেন বৰা আৰু ৰানা গোস্বামীয়ে অপাৰেশ্যন চলাই আছে কংগ্ৰেছ দলত ৷ কংগ্ৰেছৰ বিধায়ক শূণ্য কৰিব আৰু অসম বিধান সভাত নতুন সংবিধান আনিব আৰু সেই সংবিধানেৰে ৰাজ্য চলাব দলটোৱে ৷ এইবোৰ অংক আমি ঢুকি পোৱা নাই আৰু এইবোৰ বুজিব পৰাকৈ আমাৰ জ্ঞানো নাই বুলি কয় বিজেপিৰ বিধায়কজনে ৷

বিধায়ক দিগন্ত কলিতাই পুনৰ কয় যে আমাৰ বাবে কিন্তু এজন বিধায়ক, এজন কাৰ্যকৰ্তা অতিকৈ গুৰুত্বপূৰ্ণ ৷ যদিহে ভূপেন বৰাই ভাবিছে যে এজনো বিধায়ক নোহোৱাকৈ অসমৰ উন্নতি সাধন কৰিব, তেনেহলে মই বৰাক অভিনন্দন জনাই থৈছোঁ ৷ মই ভাবো ভূপেন বৰাৰ আলঝাইমাৰ হৈছে ৷ তেওঁ ভালদৰে তেওঁৰ চিকিৎসা কৰাওক বুলি ভূপেন বৰাক কটাক্ষ কৰে বিধায়কজনে ৷ লগতে গাঁৱৰ কংগ্ৰেছী কাৰ্যকৰ্তাই দুখ কৰে যে বিজেপিৰ নেতাই গাঁৱে গাঁৱে আহি সকলোকে সহায় কৰে আৰু কংগ্ৰেছৰ নেতাই ৰাজীৱ ভৱনত বহি মুখ্যমন্ত্ৰী, কেবিনেট মন্ত্ৰী হোৱাৰ সপোন দেখি থাকে বুলিও প্ৰদেশ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে বিজেপিৰ বিধায়কজনে ৷

আনহাতে ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰীক ভাবুকি দিয়া সন্দৰ্ভত মন্তব্য কৰি দিগন্ত কলিতাই কয় যে তেওঁলোকে কৰিলে হৰিনাম, আমি কৰিলে দস্যু ৰত্নাকৰ ৷ আগৰপৰাই তেওঁলোকৰ আক্ৰোশমূলক মনোভাৱ আছে ৷ তেখেতসকল ক্ষমতাত থাকোঁতে মুখ্যমন্ত্ৰীক কি কি লগোৱা নাই ৷ মই নিজেই ১০ দিন কাৰাগাৰত থাকি আহিছোঁ ৷ কিন্তু আমাৰ মুখ্যমন্ত্ৰীৰ আঢ়ৈ বছৰ কাল গ'ল, কিন্তু মুখ্যমন্ত্ৰীয়ে তেনেকুৱা কিবা কথা কৈছে নেকি বুলি প্ৰশ্ন কৰে বিধায়কজনে ৷

তেওঁ কয় যে, কোনে কাক নাকী লগাব সেয়া অসমৰ জনসাধাৰণে সিদ্ধান্ত ল’ব ৷ ইফালে লোকসভা নিৰ্বাচনত I.N.D.I.A মিত্ৰজোঁট সন্দৰ্ভত মন্তব্য আগবঢ়াই তেওঁ কয় যে I.N.D.I.A এলায়েন্স ক'ত আছে ৷ লোকসভা নিৰ্বাচনত তেওঁলোকৰ আসন ১০০ ৰ তলত থাকিব ৷ অসমত এতিয়া কংগ্ৰেছ শেষ ৷ মাইনাছ জিৰোত যাব কংগ্ৰেছ ৷ লগতে লুৰীণজ্যোতি গগৈক এক অসম যাত্ৰাৰ বাবে শুভেচ্ছা থাকিল বুলি কৈ তেওঁ কয় যে, ১৫ বছৰ কষ্ট কৰক ৷ তাৰ পাছত বাকী কথা চিন্তা কৰিব ৷

লগতে পঢ়ক :Amrit Kalash yatra controversy: মন্ত্ৰী পীযুষ হাজৰীকাৰ পত্ৰৰ উত্তৰ দিব কংগ্ৰেছে

ABOUT THE AUTHOR

...view details