অসম

assam

Assam Cash for Job Scam: ক’লা নিযুক্তিৰ কেন্দ্ৰত পৰিণত বাজপেয়ী ভৱন; CBI তদন্তৰ দাবী অখিল গগৈৰ

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 6:04 PM IST

নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ বিধায়ক অখিল গগৈ ৷ চিলিণ্ডাৰৰ দাম হ্ৰাস হোৱাৰ কথা উল্লেখ কৰিছে 2014 চনৰ এক মিছা তথ্য মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা বুলি মন্তব্য ৷ জুবিন গাৰ্গকলৈয়ো প্ৰতিক্ৰিয়া ৷

Assam Cash for Job Scam
Assam Cash for Job Scam

নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ বিধায়ক অখিল গগৈ

গুৱাহাটী, ৩০ আগষ্ট: ‘‘ক'লা নিযুক্তিৰ কেন্দ্ৰত পৰিণত হৈছে বাজপেয়ী ভৱন; অথবা বেচা-কিনা নিগম বুলিও ক’ব পাৰে বাজপেয়ী ভৱনক,’’ বুধবাৰে এক সংবাদমেলযোগে এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ ।

নিযুক্তি কেলেংকাৰী

নিযুক্তি কেলেংকাৰি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়কগৰাকীয়ে কয়, বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাই উদঙাই দিলে সকলো নিযুক্তি কেলেংকাৰী । তেওঁ প্ৰশ্ন কৰি কয়, ‘‘এই নিযুক্তিৰ আঁৰত যে ওপৰৰ মহল আছে বুলি কৈছিল, সেয়া দিছপুৰ, জনতা ভৱন নহয় জানো ?’’

ইফালে এই কেলেংকাৰিত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা জড়িত থকাৰ অভিযোগ উত্থাপন কৰি বিধায়কগৰাকীয়ে কয়, ‘‘সকলো ভাইৰেল ফোন ৰেকঙতেই ভৱেশ কলিতাৰ নাম সন্নিবিষ্ট হৈ আছে ।

ইফালে বিজেপি মুখ্য কাৰ্যালয়ৰ তত্বাৱধায়ক শান্তনু পূজাৰীক আজিলৈ কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই বুলি অখিল গগৈয়ে প্ৰশ্ন কৰে । ‘‘সকলো কেলেংকাৰীতে যে বিজেপি জড়িত আছে সেয়া ইতিমধ্যে নিশ্চিত হৈ পৰিছে । এই কেলেংকৰিত যদি মুখ্যমন্ত্ৰী জড়িত নাই তেন্তে এতিয়ালৈ চিবিআইৰ তদন্ত ঘোষণা কৰা নাই কিয় ?’’ এই কথা উল্লেখ কৰি CBI তদন্তৰ দাবী কৰে অখিল গগৈয়ে ৷

আন কেতবোৰ বিষয়টো সৰৱ হয় অখিল গগৈ -

চিলিণ্ডাৰৰ দাম হ্ৰাস


অখিল গগৈয়ে কয়, ‘‘বিজেপি শাসনলৈ অহাৰ পূৰ্বে এটা চিলিণ্ডাৰৰ দাম আছিল ৪১০.৫০ টকা, এতিয়া দাম আছিল ১২৪১ টকা ৷
২০০ টকা কমাই দিলে কি হ’ব ? মুখ্যমন্ত্ৰীয়েও ভুল প্ৰচাৰ চলাই আছে টুইটাৰত ৷ ২০১৪ চনত ১২৪১ টকা বুলি কৈছিল । এয়া মিছা ৷
৪৫০ টকা হে আছিল ৷ এজন মুখ্যমন্ত্ৰীয়ে ইমান মিছা কথা কয় নে ? নিৰ্বাচনত ভোট ল’বৰ বাবে এই চেষ্টা, ৭ বছৰে লুণ্ঠন চলালে ৷’’

যোৰহাট লোক সভা সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াব ৰাইজৰ দলে


লোকসভাত যোৰহাটৰ পৰা নিৰ্বাচন খেলাৰ মন অখিল গগৈৰ, বিধায়কগৰাকীৰ মতে জয় লাভ কৰাটো নিশ্চিত ৷ ইতিমধ্যে বিৰোধী ঐক্যমঞ্চৰ আলোচনাত এই দাবী ৰাখিছে ৰাইজৰ দলে ৷ চলোৱা হৈছে প্ৰচাৰ ৷ অৱশ্যে ঐক্যমঞ্চৰ সৈতে আলোচনা চলি আছে যদিও কোনো নিশ্চিত হোৱা নাই ৷‘‘আমি কেৱল এটা সমষ্টি বিচাৰিছো ৷ সংঘাত হোৱাৰ কোনো প্ৰশ্ন উঠিব নোৱাৰে, আমি বিচাৰিছোহে ৷ কিন্তু কংগ্ৰেছে যদি আমাতকৈ ভাল প্ৰাৰ্থী দেখুৱাব পাৰে তেতিয়া আমাৰ ক’ব লগা নাই ৷

জুবিন গাৰ্গ বিৰ্তক

অজাপক লৈ জুবিন গাৰ্গে কৰা মন্তব্যক সমালোচনা অখিল গগৈৰ ৷ ‘‘মানুহৰ ক্ষেত্ৰত কৰিব পাৰে, কিন্তু ৰাজনৈতিক দলক নোৱাৰে ৷ কোনোবাই উচতনি দি জুবিনক এই কথা কবলৈ বাধ্য কৰাইছে ৷ ঐক্য মঞ্চৰ দলক লৈ জুবিন গাৰ্গে কৰা এই মন্তব্য নিন্দনীয় ৷’’ অখিল গগৈয়ে কয় ৷

অনাগত দিনত যাতে কোনো দলৰ বিৰুদ্ধে এনে মন্তব্য নকৰে তাৰ বাবে জুবিন গাৰ্গক অনুৰোধো জনায় বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক:Rajen Gohain: মই এতিয়া মুক্ত; দিল্লীৰ পৰা আহি ক’লে ৰাজেন গোহাঁইয়ে

ABOUT THE AUTHOR

...view details