অসম

assam

নিৰ্বাচনৰ প্ৰাকক্ষণত অসম আৰক্ষীত বৃহৎ ৰদবদল

By

Published : Feb 27, 2021, 6:46 AM IST

শুকুৰবাৰে দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিছে অসমকে ধৰি পাঁচ ৰাজ্য়ৰ নিৰ্বাচনৰ সময়সূচী ৷ ইয়াৰ পিছতেই ৰাজ্যৰ প্ৰশাসনৰ শীৰ্ষ স্তৰত ব্যাপক সাল-সলনি ঘটোৱা হৈছে ৷

as_ghy_major-reshuffle-in-assam-police_img_7206058
নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে অসম আৰক্ষীত বৃহৎ ৰদবদল

গুৱাহাটী,27 ফেব্ৰুৱাৰী: শুকুৰবাৰে বিয়লি দেশৰ নিৰ্বাচন আয়োগে অসমৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ লগে লগে ৰাজ্যৰ গৃহ বিভাগে আৰক্ষীৰ শীৰ্ষ স্তৰত বৃহৎ সাল-সলনি ঘটাইছে । সেইমৰ্মে কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোছনক দ্বিতীয় অসম আৰক্ষী বেটেলিয়ানৰ কমাণ্ডেন্টৰূপে বদলি কৰা হৈছে ।

অসম আৰক্ষীত বৃহৎ ৰদবদল

সেই অনুসৰি, প্ৰথম অসম আৰক্ষী বেটেলিয়ানৰ কমাণ্ডেন্ট যুৱৰাজক ডিমা হাচাওৰ আৰক্ষী অধীক্ষকৰূপে, হামৰেণৰ আৰক্ষী অধীক্ষক ৰমণদীপ কৌৰক নৱম অসম আৰক্ষী বেটেলিয়ানৰ কমাণ্ডেন্ট ৰূপে, ডিমা হাচাওৰ আৰক্ষী অধীক্ষক জয়ন্ত সিঙক প্ৰথম অসম আৰক্ষী বেটেলিয়ানৰ কমাণ্ডেন্ট ৰূপে, শদিয়াৰ আৰক্ষী অধীক্ষক সুমিত শৰ্মাক হামৰেণৰ আৰক্ষী অধীক্ষক ৰূপে বদলি কৰা হৈছে ।

অসম আৰক্ষীত বৃহৎ ৰদবদল

দ্বিতীয় অসম আৰক্ষী বেটেলিয়ানৰ কমাণ্ডেন্ট হৰেকৃষ্ণ নাথক কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰাৰ লগতে ওদালগুৰিৰ নতুন আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব দিয়া হৈছে সিংহৰাম মিলিক । মিলি আছিল ২৬ অসম আৰক্ষী বেটেলিয়ানৰ কমাণ্ডেন্ট ।

অসম আৰক্ষীত বৃহৎ ৰদবদল

আনহাতে, ২৬ অসম আৰক্ষী বেটেলিয়ানৰ কমাণ্ডেন্ট পদলৈ বদলি কৰা হৈছে ওদালগুৰিৰ আৰক্ষী অধীক্ষক ৰিপুল দাসক । শিলচৰৰ আৰক্ষী অধীক্ষক বেদান্ত প্ৰকাশ বৰকাকতিক শদিয়াৰ আৰক্ষী অধীক্ষক ৰূপে, লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শান্তনু কুমাৰ দত্তক গুৱাহাটীৰ অতিৰিক্ত ডিচিপি ৰূপে আৰু হামৰেণৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মেৰিলিন জলচাংমাৱিক লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপে বদলি কৰা হৈছে ।

ইপিনে, শিলচৰত থকা দক্ষিণ মণ্ডলৰ ডিআইজি দিলীপ দে’ক পশ্চিম মণ্ডলৰ ডিআইজি হিচাপে বঙাইগাঁৱলৈ, চিআইডি-ৰ‌ ডিআইজি লাচিত বৰুৱাক সীমান্ত শাখাৰ ডিআইজি ৰূপে, সীমান্ত শাখাৰ ডিআইজি ৰৌণক আলী হাজৰিকাক বিআইইঅ'-ৰ ডিআইজি ৰূপে, সীমান্ত শাখাৰ ডিআইজি ৰাণা ভূঞাক দক্ষিণ মণ্ডলৰ ডিআইজি ৰূপে, পশ্চিম মণ্ডলৰ ডিআইজি দেৱজ্যোতি মুখাৰ্জীক চিআইডিৰ ডিআইজি ৰূপে, বিআইইঅ'-ৰ ডিআইজি ৰফিউল আলম লস্কৰক সীমান্ত শাখাৰ ডিআইজি ৰূপে আৰু গুৱাহাটীৰ অতিৰিক্ত ডিচিপি বলীন দেউৰীক হামৰেনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপে বদলি কৰা হৈছে ।

লগতে পঢ়ক-নিৰ্বাচনৰ আচৰণ বিধিৰ সন্দৰ্ভত কামৰূপ প্ৰশাসনৰ বিশেষ সভা

ABOUT THE AUTHOR

...view details