অসম

assam

তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু হৈছে কামৰূপ জিলা প্ৰশাসন

By

Published : Apr 5, 2021, 1:20 PM IST

মঙলবাৰে ৰাজ্যত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ ৷ ৰাজ্যৰ 12 খনকৈ জিলাৰ মুঠ 40 টা সমষ্টিত অনুষ্ঠিত হ'ব এই ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ প্ৰতিখন জিলাৰ সমান্তৰালকৈ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু হৈ উঠিছে কামৰূপ জিলা প্ৰশাসনো ৷ জিলাখনৰ মুঠ চাৰিটাকৈ সমষ্টিত অনুষ্ঠিত হ'বলগীয়া ভোট গ্ৰহণকলৈ ইতিমধ্যে সাজু হৈছে নিৰ্বাচনী বিষয়া তথা কৰ্মচাৰী সকলো ৷

তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু হৈছে কামৰূপ জিলা প্ৰশাসন
তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু হৈছে কামৰূপ জিলা প্ৰশাসন

গুৱাহাটী,5 এপ্ৰিল:মঙলবাৰে ৰাজ্যত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ ৷ ৰাজ্যৰ 12 খনকৈ জিলাৰ মুঠ 40 টা সমষ্টিত অনুষ্ঠিত হ'ব এই ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ প্ৰতিখন জিলাৰ সমান্তৰালকৈ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু হৈ উঠিছে কামৰূপ জিলা প্ৰশাসনো ৷ জিলাখনৰ মুঠ চাৰিটাকৈ সমষ্টিত অনুষ্ঠিত হ'বলগীয়া ভোট গ্ৰহণকলৈ ইতিমধ্যে সাজু হৈছে নিৰ্বাচনী বিষয়া তথা কৰ্মচাৰী সকলো ৷

তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু হৈছে কামৰূপ জিলা প্ৰশাসন

সোমবাৰে পুৱা 5 বজাৰ নিৰ্বাচনৰ কামত নিয়োজিত বিষয়া-কৰ্মচাৰী সকলক ইভিএম, ভিভিপেট মেচিনকে ধৰি ভোটগ্ৰহণৰ সকলো সামগ্ৰী বিতৰণ কৰা হৈছে ৷ হাজো, পলাশবাৰী, বকো আৰু ছয়গাঁৱত অনুষ্ঠিত হ'বলগীয়া ভোট গ্ৰহণ হ'ব মুঠ 1106 টা ভোট গ্ৰহণ কেন্দ্ৰত ৷ ইয়াৰে 553 টা ভোট গ্ৰহন কেন্দ্ৰত থাকিব ৱেব কাষ্টিং ব্যৱস্থা। তাৰোপৰি জিলাখনৰ 40 টা আদৰ্শ কেন্দ্ৰ আৰু 20 টা মহিলাৰ দ্বাৰা পৰিচালিত ভোট গ্ৰহণ কেন্দ্ৰ ৷ জিলাখনৰ চাৰিটা বিধানসভা সমষ্টিৰ হাজোৰ শনিয়াদি, বকোৰ লামপি আৰু উকিয়ামৰ 8 টা ভোট গ্ৰহন কেন্দ্ৰ স্পৰ্শকাতৰ আৰু 192 টা ভোটগ্ৰহন কেন্দ্ৰ অতি স্পৰ্শকাতৰ বুলি প্ৰকাশ কৰিছে নিৰ্বাচনী বিষয়া গৰাকীয়ে ৷

তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু হৈছে কামৰূপ জিলা প্ৰশাসন

ভোটকেন্দ্ৰ সমূহত নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে জিলাখনলৈ অতিৰিক্ত 2200ৰো অধিক নিৰাপত্তা বাহিনী মোতায়ন কৰা হৈছে ৷ পুলিং প্ৰিজাইডিং বিষয়া তথা ভোটগ্ৰহনৰ যাতায়তৰ বাবে ব্যৱহাৰ কৰা হৈছে 1118 খন সৰু বৰ যান-বাহন । জিলাখনৰ দুৰ্গম অঞ্চলত থকা 25 টা ভোট গ্ৰহন কেন্দ্ৰলৈ EVMৰ বাদে আগতীয়াকৈ প্ৰদান কৰিছে ভোটগ্ৰহনত জড়িত সামগ্ৰী সমূহ ।

লগতে পঢ়ক: তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু ধুবুৰী জিলা প্ৰশাসন

ABOUT THE AUTHOR

...view details