অসম

assam

প্ৰধানমন্ত্ৰীৰ ভুল নীতিৰ বাবে দেশ ২০ বছৰ পিছুৱাই গৈছে : আনন্দ শৰ্মা

By

Published : Jan 21, 2020, 5:12 PM IST

মঙলবাৰে ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি কেন্দ্ৰৰ বিজেপি চৰকাৰৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ আক্ৰমণ কংগ্ৰেছ নেতা তথা ৰাজ্যসভাৰ সাংসদ আনন্দ শৰ্মাৰ ৷

Guwahati Congress Party Press meet
প্ৰধানমন্ত্ৰীৰ ভুল নীতিৰ বাবে দেশ ২০ বছৰ পিছুৱাই হৈছে : আনন্দ শৰ্মা

গুৱাহাটী,21 জানুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে দেশ ২০ বছৰ পিছুৱাই গৈছে । দেশত বৰ্তমান ভয় আৰু নিৰাপত্তাহীনতাৰ বাতাবৰণ বিৰাজ কৰিছে । নাগৰিকত্ব সংশোধনী আইনৰ কোনো প্ৰয়োজন নাছিল দেশত । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিক তীব্ৰ আক্ৰমণ কংগ্ৰেছ নেতা আনন্দ শৰ্মাৰ । কংগ্ৰেছ নেতা তথা ৰাজ্যসভাৰ সাংসদ আনন্দ শৰ্মাই মঙলবাৰে ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি কেন্দ্ৰৰ বিজেপি চৰকাৰৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি তীব্ৰ আক্ৰমণাত্মক মন্তব্য কৰে ৷ তেওঁ কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভুল নীতি সমূহৰ বাবে দেশ ২০ বছৰ পিছুৱাই গৈছে । মোদীয়ে বিমুদ্ৰাকৰণৰ লগতে কেইবাটাও ভুল নীতি গ্ৰহণ কৰাৰ ফলত বৰ্তমান দেশৰ অৱস্থা অতিকৈ শোচনীয় হৈ পৰিছে । দেশৰ জনতা বৰ্তমান শংকিত, দেশত বৰ্তমান ভয় আৰু অসুৰক্ষাৰ বাতাবৰণ বিৰাজ কৰিছে বুলি মন্তব্য কৰি শৰ্মাই বিজেপিক তীব্ৰ সমালোচনা কৰে ।

বিজেপি চৰকাৰৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ আক্ৰমণ কংগ্ৰেছ নেতা তথা ৰাজ্যসভাৰ সাংসদ আনন্দ শৰ্মাৰ

লগতে পঢ়ক: ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত শৰ্মাই কয় যে, এই আইনখনৰ দেশত কোনো প্ৰয়োজন নাছিল । এই বিতৰ্কিত আইনখনে দেশৰ সংবিধানৰ ওপৰত আঘাট কৰাৰ লগতে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ সমূহৰ লগত এই আইনখনৰ বাবে ভাৰতৰ সম্পৰ্ক বিনষ্ট হ'বলৈ ধৰিছে । শৰ্মাই লগতে কয় যে, নাগৰিকত্ব সংশোধনী আইন ভৱিষ্যতে দেশৰ আৰু অধিক ক্ষতি সাধন কৰিব । চৰকাৰে এই বিতৰ্কিত আইনখন অতি শীঘ্ৰে বাতিল কৰিব লাগে বুলিও মন্তব্য প্ৰকাশ কৰে আনন্দ শৰ্মাই ।

লগতে পঢ়ক:ৰোহিংগীয়াৰ বিপক্ষে যুদ্ধ অপৰাধ প্ৰতিবন্ধকতা নহয়ঃ ম্যানমাৰ সেনা

Intro:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে দেশ ২০ বছৰ পিছুৱাই গৈছে। দেশত বৰ্তমান ভয় আৰু অসুৰক্ষাৰ বাতাবৰণ বিৰাজ কৰিছে। নাগৰিকত্ব সংশোধনী আইনৰ কোনো প্ৰয়োজন নাছিল দেশত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিক তীব্ৰ আক্ৰমন কংগ্ৰেছ নেতা আনন্দ শৰ্মাৰ।


Body:কংগ্ৰেছ নেতা তথা ৰাজ্যসভাৰ সাংসদ আনন্দ শৰ্মাই মঙলবাৰে ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি কেন্দ্ৰৰ বিজেপি চৰকাৰৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ আক্ৰমন কৰি কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভুল নীতি সমূহৰ বাবে দেশ ২০ বছৰ পিছুৱাই গৈছে। মোদীয়ে বিমুদ্রাকৰ্ণৰ লগতে কেইবাটাও ভুল নীতি গ্ৰহণ কৰাৰ ফলত বৰ্তমান দেশৰ অৱস্থা অতিকৈ শোচনীয় হৈ পৰিছে। দেশৰ জনতা বৰ্তমান শংকিত, দেশত বৰ্তমান ভয় আৰু অসুৰক্ষাৰ বাতাবৰণ বিৰাজ কৰিছে বুলি মন্তব্য কৰি শৰ্মাই বিজেপিক তীব্ৰ সমালোচনা কৰে। নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত শৰ্মাই কয় এই আইনখনৰ দেশত কোনো প্ৰয়োজন নাছিল। এই বিতৰ্কিত আইনখনে দেশৰ সংবিধানৰ ওপৰত আঘাট কৰাৰ লগতে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ সমূহৰ লগত এই আইনখনৰ বাবে ভাৰতৰ সম্পৰ্ক বিনষ্ট হ'বলৈ ধৰিছে।

বাইট : আনন্দ শৰ্মা, কংগ্ৰেছ নেতা


Conclusion:শৰ্মাই লগতে কয় নাগৰিকত্ব সংশোধনী আইন ভৱিষ্যতে দেশৰ আৰু অধিক ক্ষতি সাধন কৰিব। চৰকাৰে এই বিতৰ্কিত আইনখন অতি শীঘ্ৰে বাতিল কৰিব লাগে বুলিও মন্তব্য প্ৰকাশ কৰে আনন্দ শৰ্মাই।

ABOUT THE AUTHOR

...view details