অসম

assam

High Court notice to state govt: ভৰলুৰ প্ৰদূষণক লৈ ৰাজ্য চৰকাৰলৈ উচ্চ ন্যায়ালয়ৰ জাননী

By

Published : May 13, 2023, 10:45 AM IST

ভৰলু নদীৰ প্ৰদূষণৰ এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰে উচ্চ ন্যায়ালয়ে (High Court notice to state govt) ৷ মুখ্য ন্যায়াধীশ সন্দীপ মেহতা আৰু ন্যায়াধীশ সুমন শ্যামৰ খণ্ড বিচাৰপীঠে জাৰি কৰে এই জাননী । চৰকাৰক মহানগৰীত বৰ্জিত পানী শোধন প্ৰকল্প (এছ টি পি)ৰ অভাৱৰ বিষয়টোক লৈও প্ৰশ্ন কৰে মুখ্য ন্যায়াধীশে ।

High Court notice to state govt
ভৰলুৰ প্ৰদূষণক লৈ ৰাজ্য চৰকাৰলৈ উচ্চ ন্যায়ালয়ৰ জাননী

গুৱাহাটী, ১৩ মে’:পূতিগন্ধময় হৈ পৰা ভৰলু নদীৰ প্ৰদূষণক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে (High Court notice to state govt) । ভৰলু নদীৰ পানীৰ প্ৰদূষণ, নৈখনৰ পূতিগন্ধময় অৱস্থা আৰু মহানগৰীৰ আৱৰ্জনা ভৰলুত পেলোৱা কাৰ্য ৰোধ কৰাত পৌৰ কৰ্তৃপক্ষৰ অৱহেলা বিষয়ক লৈ ব্যাখ্যা বিচাৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে (Gauhati High Court) ।

গুৱাহাটীৰ মাজেৰে ব্ৰহ্মপুত্ৰলৈ বৈ যোৱা ভৰলু নদীৰ পানীৰ প্ৰদূষণ, নৈখনৰ পূতিগন্ধময় অৱস্থা আৰু মহানগৰীৰ আৱৰ্জনা ভৰলুত পেলোৱা (Contamination and Degradation of the Bharalu river) কাৰ্য ৰোধ কৰাত পৌৰ কৰ্তৃপক্ষৰ অৱহেলা বিষয়ক লৈ ব্যাখ্যা বিচাৰি যোৱা শুকুৰবাৰে ৰাজ্য চৰকাৰলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে জাননী জাৰি কৰিছে । ভৰলুৰ দুৰৱস্থা আৰু পানীৰ প্ৰদূষণ সন্দৰ্ভত প্ৰতাপ চন্দ্র দাস নামৰ এজন নাগৰিকে লিখা এখন পত্ৰৰ ভিত্তিত উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ গ্ৰহণ কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ (৪/২০২৩) শুনানি শুকুৰবাৰে গ্ৰহণ কৰে ।

এই ৰাজহুৱা স্বার্থজড়িত আবেদনৰ (৪/২০২৩) শুনানি লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতা আৰু ন্যায়াধীশ সুমন শ্যামৰ খণ্ড বিচাৰপীঠে এই জাননী জাৰি কৰে । আবেদনখনত ৰাজ্যৰ মুখ্য সচিব সমন্বিতে জলসম্পদ বিভাগৰ সচিব, গুৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষৰ মুখ্য কাৰ্যবাহী বিষয়া, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত আৰু ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সদস্য সচিবক পদকীয়া পক্ষ কৰা হৈছে । আবেদনখনৰ শুনানিত মুখ্য ন্যায়াধীশে চৰকাৰক মহানগৰীত বৰ্জিত পানী শোধন প্ৰকল্প (এছ টি পি)ৰ অভাৱৰ বিষয়টোক লৈ প্ৰশ্ন কৰে ।

মুখ্য ন্যায়াধীশজনে কয়, “বিভিন্ন কল-কাৰখানাৰ পৰা বৰ্জিত পানী পোনে পোনে ভৰলু নৈত পেলাই দিয়া দেখিছোঁ । আমাৰ বৰ্জিত পানী শোধন প্ৰকল্প আছেনে ? কিমানটা আছে ?’ পত্ৰখনত প্ৰতাপ চন্দ্ৰ দাসে উল্লেখ কৰিছে যে মহানগৰীৰ বৰ্জিত আৰু বিষাক্ত দ্রব্য ভৰলুত পেলোৱাৰ ফলত ব্ৰহ্মপুত্ৰৰ উপনৈখনৰ পানী অত্যন্ত প্ৰদূষিত হৈ পৰিছে আৰু ইয়াৰ ফলত মহানগৰীৰ বাসিন্দাসকলৰ স্বাস্থ্য বিপদাপন্ন হৈ পৰিছে । আদালতে শুনানিৰ পাছত চৰকাৰসহ পদকীয়া পক্ষক ১৮ মে'ৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ দিয়ে (Water Contamination in Bharalu River, Guwahati) ।

লগতে পঢ়ক:Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত মুখ্য নিৰ্বাচনী বিষয়ালৈ এজেপিৰ স্মাৰকপত্র

ABOUT THE AUTHOR

...view details