অসম

assam

Death threats to Minister : কোনে প্ৰদান কৰিলে কৃষি মন্ত্ৰী অতুল বৰাক হত্যাৰ ভাবুকি ?

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 11:28 AM IST

সামাজিক মাধ্যমযোগে মন্ত্ৰীলৈ হত্যাৰ ভাবুকি ৷ আলফা কেডাৰৰ সদস্য বুলি পৰিচয় দিয়া ব্যক্তিজনে ফে'চবুকত এটা কমেণ্টৰ জৰিয়তে প্ৰদান কৰে এই ভাবুকি ৷ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে তদন্তৰ ভাৰ প্ৰদান কৰে CID ক ৷

Death threats to Minister
কোনে প্ৰদান কৰিলে কৃষি মন্ত্ৰী অতুল বৰাক হত্যাৰ ভাবুকি ?

গুৱাহাটী, 15 নৱেম্বৰ: কৃষি মন্ত্ৰী অতুল বৰাক প্ৰাণে মৰাৰ হত্যাৰ ভাবুকি । মন্ত্ৰীগৰাকীক সামাজিক মাধ্যমৰ জৰিয়তে মৃত্যুৰ ভাবুকি প্ৰদান কৰিছে । ডিজিটেল সংবাদ মাধ্যমযোগে প্ৰকাশিত এটা বাতৰিৰ কমেন্টত এগৰাকী সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে হত্যাৰ ভাবুকি প্ৰদান কৰে মন্ত্ৰীগৰাকীক।

জানিব পৰা মতে, সামাজিক মাধ্যমৰ জৰিয়তে প্ৰাণস শাণ্ডিল্য নামৰ এটা প্ৰ’ফাইলৰ গৰাকীয়ে মন্ত্ৰীগৰাকীলৈ এই ভাবুকি প্রদান কৰে । নিজকে আলফা কেডাৰৰ সদস্য বুলি পৰিচয় দিয়া ব্যক্তিজনে ফে'চবুকৰ জৰিয়তে প্ৰদান কৰা এই ভাবুকিযোগে অতুল বৰাৰ বাসভৱনত বোমা স্থাপন কৰি তেওঁক হত্যা কৰা হ'ব বুলি উল্লেখ কৰা হৈছে । ইয়াৰোপৰি নিষিদ্ধ ঘোষিত সংগঠনটোৰ পৰা এই সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলিও তাৎপৰ্যপৰ্ণ মন্তব্য আগবঢ়ায় ৷

আনহাতে সমগ্ৰ বিষয়টো সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰাৰ পিচতে কমেণ্টো নাইকিয়া অৰ্থাৎ সামাজিক মাধ্যমৰ পৰা delete কৰি দিয়া হয় বুলি শেহতীয়াকৈ জানিব পৰা গৈছে ৷ আনকি একাউণ্টৰ গৰাকীয়ে প্ৰফাইলটোৰ নামো সলনি কৰিছে বুলি জানিব পৰা গৈছে । ইফালে এই ঘটনা পোহৰলৈ অহাৰ পিচতে অসম আৰক্ষীৰ সঞ্চালক প্রধান জি পি সিঙে ঘটনাটোৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে ।

আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা জানিবলৈ দি কয় যে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগক CIDঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত কৰিবলৈ নিৰ্দেশ প্ৰদানৰ লগতে আইন অনুসৰি দোষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ।

ইয়াৰোপৰি, আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে নিৰ্বাচিত প্ৰতিনিধিৰ বিৰুদ্ধে এনে কোনোধৰণৰ ভাবুকি গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰাৰ লগতে ই গণতন্ত্ৰৰ প্ৰতি ভাবুকি স্বৰূপ বুলি সামাজিক মাধ্যমত উল্লেখ কৰে ।

লগতে পঢ়ক:Lok Sabha election 2024: ২০২৪ ৰ লোকসভাত বিজেপিৰ কোন কোন সাংসদৰ কটা যাব টিকট ?

ABOUT THE AUTHOR

...view details